ETV Bharat / state

সন্তানৰ অৱহেলাত দুৰ্বিষহ জীৱন বৃদ্ধা দম্পতীৰ - Kaliabor's Kotia village

নগাঁও জিলাৰ কলিয়াবৰৰ দম্পতীয়ে কটাইছে দুৰ্বিষহ জীৱন ৷ স্বামীৰ চিকিৎসাৰ বাবে আনৰ ঘৰত বন কৰিব লগা হৈছে ৰীণা বৰাই ৷

সন্তানৰ অৱহেলাত দুৰ্বিষহ জীৱন বৃদ্ধা দম্পতীৰ
অসুস্থ লোহাই বৰা
author img

By

Published : Jun 30, 2020, 10:25 AM IST

কলিয়াবৰ, 30 জুন : বৃদ্ধ বয়সত পিতৃ-মাতৃৰ দায়িত্ব বহন কৰাটো সন্তানৰ পৰম কৰ্তব্য হিচাপে গণ্য কৰা হয় ৷ কিন্তু আধুনিক যান্ত্ৰিক জীৱনৰ ধামখুমীয়াত কেৱল নগৰ অঞ্চলতেই নহয়, গাঁও অঞ্চলতো পিতৃ-মাতৃৰ প্ৰতি অনিহা প্ৰকাশ কৰাটো সাধাৰণ ঘটনা হিচাপে পৰিগণিত হৈছে ৷

সন্তানৰ অৱহেলাত দুৰ্বিষহ জীৱন বৃদ্ধা দম্পতীৰ

এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ কলিয়াবৰত ৷ কলিয়াবৰ মহকুমাৰ কটিয়া গাঁৱৰ লোহাই বৰা আৰু তেওঁৰ পত্নী ৰীণা বৰাই এতিয়া পুত্ৰ-বোৱাৰীৰ অৱহেলাত কটাইছে দুৰ্বিষহ জীৱন । অন্ধ লোহাই বৰাক লৈ পত্নী ৰীণা বৰা সন্মুখীন হৈছে ভয়ানক সমস্যাৰ । বৰ্তমান অসুস্থ লোহাই বৰাৰ একমাত্ৰ সাৰথি হৈ পৰিছে বিচনাখন । এই বয়সত পেটৰ তাড়নাত, অন্ধ স্বামীৰ চিকিৎসাৰ বাবে ৰীণা বৰাই আনৰ ঘৰত বন কৰিব লগা হৈছে । কিন্তু, পো-বোৱাৰীয়ে বৃদ্ধ দম্পতীক কোনো ধৰণে সহায় নকৰা বুলি জানিব পৰা গৈছে ৷

শয্যাগত লোহাই বৰা

বৃদ্ধ বয়সত নিজ সন্তান থকাৰ পাচতো সহায়ৰ বাবে অপেক্ষা কৰিব লগা হৈছে বৃদ্ধি দম্পতীয়ে ৷

ৰীণা বৰা

লগতে পঢ়ক : কৰিমগঞ্জৰ নিলামবাজাৰত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.