ETV Bharat / state

মুক্তিযোদ্ধাৰ পৰিয়াল বিদেশী! - assam

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী । প্ৰয়াত মুক্তিযোদ্ধা মৃত্যুঞ্জয়ৰ নায়ক মহাদানন্দ দেৱ গোস্বামীৰ জীয়ৰীলৈ আহিল এন আৰ চিৰ জাননী । ঘটনাৰ ফলত সমগ্ৰ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি ।

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী
author img

By

Published : May 14, 2019, 8:21 PM IST

Updated : May 14, 2019, 8:54 PM IST

মৰিগাঁও,১৪ মে' : এইবাৰ মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিছে এন আৰ চি ৰ জাননী । এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰয়াত মুক্তিযোদ্ধা মৃত্যুঞ্জয়ৰ নায়ক মহাদানন্দ দেৱ গোস্বামীৰ পৰিয়ালৰ জীয়ৰী বুলোমাই গোস্বামীলৈ আহে এন আৰ চিৰ জাননী । উল্লেখ্য যে,মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিলিমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বুলুমাই গোস্বামী । যোৱা ৯ মে' দিনা জাননী যোগে ১৬ মে' তাৰিখে নগাঁও উপায়ুক্ত কাৰ্যালয়ত বুলুমাই আৰু তেঁওৰ চাৰিগৰাকীক ভগ্নীক হাজিৰ হ'বৰ বাবে নিৰ্দেশ প্ৰদান কৰে এন আৰ চি কৰ্তৃপক্ষই । জানিব পৰা মতে, বিকাশ জ্যোতি বৰদলৈ নামৰ এজন ব্যক্তিৰ নেতৃত্বত উত্থাপিত হৈছে এই অভিযোগনামা । সম্প্ৰতি এই কাণ্ডকলৈ মানসিকভাৱে ভাগি পৰিছে মুক্তিযোদ্ধা গৰাকীৰ কন্যা কেইগৰাকী । লগতে এই সন্দৰ্ভত অভিযোগকাৰীৰ ওপৰত মানহানি গোচৰ তৰিব বুলি জনাইছে বুলুমাই গোস্বামীয়ে ।

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী

ইফালে বিকাশ বৰদলৈ নামৰ এই লোকজনেই অনুসূচীত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সদস্য স্বপন মণ্ডলৰ পৰিয়ালৰ বিৰুদ্ধেও আপত্তি দাখিল কৰিছে । প্ৰকৃত খিলঞ্জীয়া লোকসকলক কি ভাবি এনেদৰে জাননী প্ৰেৰণ কৰিছে সেয়া এতিয়া ৰহস্যময় হৈ আছে সাধাৰণ ৰাইজৰ বাবে । অৱশ্যে ঠিকনাবিহীন ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অনাগত দিনত লক্ষণীয় হ'ব ।

slug-as-mrg-14thmay-NRC vs freedomfighter-808-vis--byte-as10005

Anchorintro:এইবাৰ 
মুক্তিযোদ্ধা ৰ পৰিয়ালত আহিছে nrc ৰ জাননী।এই ঘটনাই সৃষ্টি কৰিছে মৰিগাঁৱত প্ৰতিক্ৰিয়া।

Vo:এই গৰাকী বুলুমাই গোস্বামী।এগৰাকী কৃতি শিক্ষয়ত্ৰী।মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিলিমৰা প্ৰাথমিক বিদ্যালয়ত কাম কৰে প্ৰধান শিক্ষয়ত্ৰী হিচাপে।প্ৰয়াত মুক্তিযোদ্ধা মৃত্যুঞ্জয় ৰ নায়ক মহাদানন্দ দেৱ গোস্বামী ৰ পৰিয়ালৰ জীয়ৰী বুলোমাই গোস্বামী।যোৱা 9 মে ৰ দিনা যেন সৰগ ভাগি পৰিছে পৰিয়ালটোৰ ওপৰত।যেতিয়া nrc ৰ কৰ্তৃপক্ষৰ পৰা জাননী প্ৰেৰণ কৰিলে।অহা 16 তাৰিখে নগাঁও উপায়ুক্ত কার্যলয় ত হাজিৰ হব লাগিব বুলোমাই আৰু চাৰিগৰাকী বাই ভনী।এটা অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী গোস্বামী।বৰ্তমান মানসিক ভাৱে ভাগি পৰিছে আৰু লজ্জিত হৈছে।মান হানি গোচৰ তৰিব বুলোমাই গোস্বামী য়ে।আপত্তি দৰ্শাইছে বিকাশ জ্যোতি বৰদলৈ নামৰ এজন লোকে।কোন এই বিকাশ বৰদলৈ।কোনেও নাজানে ঘৰ কত।হোৱাই নোহোৱা ই অভিযোগ দিছে বিকাশ আৰু তেওঁৰ সতীৰ্থ কেইজনমানে।অনুসূচীত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সদস্য স্বপন মণ্ডল ৰ পৰিয়ালৰ বিৰূদ্ধেও আপত্তি দাখিল কৰিছে এই একেজন বিকাশ বৰদলৈয়ে।প্ৰকৃত খিলঞ্জীয়া লোকক কি ভাবি এনেদৰে জাননী প্ৰেৰণ কৰিছে সেয়া ৰহস্যময় হৈ আছে।nrc খন নোহোৱা তো বিছাৰি ছে নেকি এই সকল ব্যক্তিয়ে।আপত্তি গ্ৰহণ কৰোতে কিয় আপত্তি কাৰীৰ নাম ৰ লগতে ঠিকনা নাৰাখিলে।ঠিকনাবিহীন এই সকল ভুৱা আপত্তি কাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা লব প্ৰশাসনে।আছেনে উত্তৰ কাৰোবাৰ হাতত।
Byte: family ।

Ratul deka ।Etv,Bharat.morigaon.
Last Updated : May 14, 2019, 8:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.