ETV Bharat / state

কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ - আহোম স্বৰ্গদেউ

সমন্বয়-সম্প্ৰীতিৰ প্ৰতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল । সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল ।

কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ
কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ
author img

By

Published : Apr 22, 2021, 4:00 PM IST

কলিয়াবৰ,22 এপ্ৰিলঃ অসমৰ ঐশ্বৰ্যশালী থলুৱা ক্ৰীড়াৰ পৰা ক্ৰমাৎ হেৰাই যোৱা কড়ি খেলেৰে পুনৰ সজীৱ হ'ল কলিয়াবৰ ৷ মহামাৰী কৰ’ণাৰ বিভীষিকাৰ মাজতে কলিয়াবৰৰ কুঁৱৰীটোল বগাজন সত্ৰৰ গাঁৱবাসীয়ে আয়োজন কৰিলে কড়ি খেল ৷ অতীতৰ পৰম্পৰা সমন্বয়-সম্প্ৰীতিৰ নিৰ্দশনৰে কলিয়াবৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল এই কড়ি খেল ৷

কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ

সমন্বয়-সম্প্ৰীতিৰ প্ৰতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল । সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল । তাহানি বহু গাঁৱৰ বুকুত জীপাল হৈ থকা কড়ি খেল কি এতিয়া বহুতে নাজানে । নতুন প্ৰজন্মৰ ওচৰত নাই কড়ি খেলৰ সঠিক পৰিচয় ।

কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ
কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ

উল্লেখযোগ্য যে, কড়ি খেলৰ যোগেদি নতুন বছৰটোৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয়-সম্প্ৰীতিৰ পৰিৱেশ গঢ়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ অন্যতম লক্ষ্য । গৰু বিহুৰ দিনা সামৰণি হোৱা কড়ি খেলবিধ আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ নিদি ইয়াৰ বহুল প্ৰচাৰ-প্ৰসাৰত সকলোৱে গুৰুত্ব দিয়াতো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

লগতে পঢ়কঃ অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.