ETV Bharat / state

কলিয়াবৰত সৰ্বমুঠ পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 10, 2021, 10:33 AM IST

৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্তই অগপ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে মঙলবাৰে আৰু চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

কলিয়াবৰত সৰ্বমুঠ পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
কলিয়াবৰত সৰ্বমুঠ পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

কলিয়াবৰ,10মাৰ্চ: সোমবাৰে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্তই অগপ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে মঙলবাৰে আৰু চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । পুৱাতেই প্ৰথমে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল ভাস্কৰ শৰ্মাই ৷ পৰৱৰ্তী সময়ত মনোনয়ন দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰশান্ত শইকীয়াই । তাৰ পাছতে ক্ৰমে অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মুকুল বৰুৱাই আৰু ভাৰতীয় ট্ৰাইবেল সংঘৰ হৈ মনোনয়ন পত্ৰ দখিল কৰে ৰমেশ প্ৰধানে । মুঠতে কলিয়াবৰ সমষ্টিত মঙলবাৰে মুঠ পাঁচ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

1985 চনৰে পৰা কলিয়াবৰৰ সচেতন জাতীয়তাবাদী ৰাইজে অসম জাতীয় পৰিষদক ইতিমধ‍্যেই আকোৱালি লৈছে । সেই বিশ্বাসতে জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকী বিজয়ী বুলি দৃঢ়তাৰে প্ৰকাশ কৰে মুকুল বৰুৱাই । লগতে প্ৰাৰ্থী গৰাকীয়ে কয়, কলিয়াবৰৰ নৱ-প্ৰজন্মক সংস্থাপনৰ মূল লক্ষ‍্যই হৈছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰধান কাৰণ ৷

ইফালে, ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰমেশ প্ৰধানে অকলশৰে গৈ মহকুমা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰাৰ্থী গৰাকীৰ মতে, চাহ জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু কলিয়াবৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ প্ৰাপ‍্যৰ দাবীয়ে হৈছে নিৰ্বাচনৰ প্ৰধান কাৰণ ৷

আনহাতে, কলিয়াবৰৰ পৰা বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ভাস্কৰ শৰ্মাইও সকলোৰে অগোচৰে পুৱাতেই গৈ মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.