ETV Bharat / state

নীলা পানীৰ হ্ৰদত জাৰি 144 ধাৰা - IPC Act

কলিয়াবৰৰ নীলা পানীৰ হ্ৰদত জাৰি 144 ধাৰা ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হ্ৰদটোত বহুকেইগৰাকী পৰ্যটকে হেৰুৱাইছিল প্ৰাণ ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই সিদ্ধান্ত গ্ৰহণ ৷

নীলা পানীৰ হ্ৰদত জাৰি 144 ধাৰা
নীলা পানীৰ হ্ৰদত জাৰি 144 ধাৰা
author img

By

Published : Nov 9, 2020, 12:40 PM IST

Updated : Nov 9, 2020, 8:09 PM IST

নগাঁও, 9 নৱেম্বৰ: চালে চকুৰোৱা প্ৰাকৃতিক পৰিৱেশৰে ভৰপুৰ নীলা পানীৰ হ্ৰদ ৷ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু এই হ্ৰদ অৱস্থিত কলিয়াবৰৰ কঠালগুৰিত ৷ কিন্তু আকৰ্ষণৰ পৰিৱৰ্তে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে হ্ৰদটো ৷ বিগত সময়ত হ্ৰদটোলৈ অহা পৰ্যটকৰ বাবে সুখকৰ নাছিল এই অভিজ্ঞতা ৷ ইতিমধ্যে হ্ৰদটোলৈ অহা প্ৰায় 4 গৰাকী ব্যক্তিয়ে আঁকোৱালি লৈছে মৃত্যুক ৷ সেয়ে হ্ৰদটোৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷

নীলা পানীৰ হ্ৰদত জাৰি 144 ধাৰা

উল্লেখ্য যে, 2017 চনত এই হ্ৰদত মৃত্যু ঘটিছিল দুগৰাকী ব্যক্তিৰ ৷ চলিত বৰ্ষৰ 12 অক্টোবৰত হ্ৰদটো পৰিদৰ্শন কৰিবলৈ আহি মৃত্যুক সাৱটিছিল গুৱাহাটীৰ বিকি কলিতা নামৰ যুৱকগৰাকীয়ে ৷ প্ৰায় তিনিদিন পূৰ্বে হ্ৰদটোত উদ্ধাৰ হৈছে নগাঁৱৰ ইটাচালিৰ অয়নাভ হাজৰিকাৰ মৃতদেহ ৷ এই ঘটনাৰ পিছতে অধিক সষ্টম হৈ পৰে হ্ৰদটোৰ চোৱা চিতাৰ দায়িত্বত ন্যস্ত থকা কলিয়াবৰ মহকুমা প্ৰশাসন ৷

পৰৱৰ্তী সময়ত পৰ্যটকক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৷ এই ধাৰা অনুসৰি পৰ্যটকৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিষেধাজ্ঞা ৷ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, কোনো পৰ্যটকে হ্ৰদটোত নোৱাৰিব নামিব, নোৱাৰিব সাঁতুৰিব ৷ তদুপৰি কোনো ব্যক্তিয়ে সমীপৰ এলেকাত ব্যৱহাৰ কৰিব নোৱাৰিব নিচাযুক্ত সামগ্ৰী ৷ এই নিৰ্দেশ অমান্যকাৰীক গণ্য কৰা হ’ব অপৰাধী হিচাপে ৷

লগতে পঢ়ক: সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

Last Updated : Nov 9, 2020, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.