ETV Bharat / state

ড্ৰাগছৰ বাবেই হত্যা আত্মীয়ক - নগাঁও আৰক্ষী

আকাশ হুছেইন নামৰ ড্ৰাগছ আসক্ত যুৱকজনক ড্ৰাগছ সেৱন কৰিবৈ বাধা দিছিল মহাক মইনুল হুছেইনে ৷ সেই কথাতেই ক্ৰোধান্বিত হৈ আকাশে মহাকক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

niece killed his uncle in nagaon
niece killed his uncle in nagaon
author img

By

Published : Aug 13, 2020, 9:42 PM IST

নগাঁও, 13 আগষ্ট : এইবাৰ হত্যাকাৰীৰৰ ৰূপত ড্ৰাগছ আসক্ত যুৱক ৷ ড্ৰাগছ সেৱনত বাধা প্ৰদান কৰা বাবেই আত্মীয়ক হত্যা যুৱকৰ ৷ ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাত ৷ নগাঁৱৰ ফৌজদাৰি পট্টিত ভাগিনীয়েকৰ হাতত নিহত হ’ল মহাক ৷

জানিব পৰা মতে আকাশ হুছেইন নামৰ ড্ৰাগছ আসক্ত যুৱকজনক ড্ৰাগছ সেৱন কৰিবলৈ বাধা দিছিল মহাক মইনুল হুছেইনে ৷ কিন্তু ক্ৰোধান্বিত হৈ আকাশে উপৰ্যুপৰি প্ৰহাৰ কৰে মহাক মইনুলক ৷ ভাগিনৰ প্ৰহাৰত মইনুল হকৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ মৃত মইনুলৰ ঘৰ নগাঁৱৰ শিয়ালমাৰীত ৷ আনহাতে, স্থানীয় লোকে অভিযুক্ত আকাশ হুছেইনক কৰায়ত্ত কৰি গটাই দিয়ে নগাঁও আৰক্ষীক ৷

ড্ৰাগছৰ বাবেই হত্যা আত্মীয়ক

দেখা গৈছে যে, ড্ৰাগছ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই আহিছে জিলাখনত ৷ তৎচত্বেও কিন্তু ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই আৰক্ষীকো প্ৰত্যাহ্বান জনায় চলাই গৈছে এই মাৰাত্মক ড্ৰাগছৰ বেহা ৷ জিলাখনৰ চহৰাঞ্চলৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলতো একাংশ যুৱক চিকাৰ হৈছে ড্ৰাগছৰ ৷ ড্ৰাগছ সেৱনৰ লগতে বহুতকে ড্ৰাগছ বিক্ৰি চক্ৰই জড়িত কৰিছে সৰবৰাহৰ সৈতে ৷ কেতিয়া নগাঁৱৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ পৰা মুক্ত হ’ব, সেইয়া উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : চিকিৎসালয়ত এসপ্তাহে চিকিৎসকৰ সাক্ষাৎ নাপালে ক’ভিড আক্ৰান্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.