চামগুৰি,5 এপ্ৰিল : চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমত বৃদ্ধি পাব ধৰিছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা পৰীক্ষাত দুজনকৈ বয়সীয়া লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷ জানিব পৰা মতে, লোক দুজনৰ কোনো ধৰণৰ ভ্ৰমণৰ ইতিবৃত্ত নাই ৷ পুৰণিগুদাম মাজগাঁৱৰ দুয়োজন লোক একে পৰিয়ালৰ ৷
স্বাস্থ্য বিভাগে এসপ্তাহৰ বাবে হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিলে বয়সীয়া লোক দুজনৰ ৷ কৰ'ণাৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে সকলোকে সজাগ সচেতন হৈ থকাৰ লগতে ক’ভিডৰ সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ৷
উল্লেখযোগ্য যে, বৰ্তমান অসমত প্ৰায় 500তকৈ অধিক লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷
লগতে পঢ়ক: মটক বাগিচাত প্ৰৱেশ নিষিদ্ধ আটছাৰ