ETV Bharat / state

NRCৰ পৰা বাদ পৰিল স্বাধীনোত্তৰ কালৰ ডাক বিভাগৰ কৰ্মচাৰীৰ নাম - বটদ্ৰৱা বৰহিছা গাঁৱ

বটদ্ৰৱাত পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰীৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত ন’হল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকাত ৷ ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ নাম NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ৷ অঞ্চলটোত পঞ্চায়ত কৰ্মচাৰীসহ 23 জন লোকৰ নাম বাদ পৰিছে ৷ ইয়াক লৈ সমগ্ৰ বটদ্ৰৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

NRCৰ পৰা বাদ পৰিল স্বাধীনোত্তৰ কালৰ ডাক বিভাগৰ কৰ্মচাৰীৰ নাম
author img

By

Published : Aug 31, 2019, 5:58 PM IST

বটদ্ৰৱা, 31 আগষ্টঃ প্ৰকাশিত হ’ল চূড়ান্ত NRC ৰ তালিকা ৷ বটদ্ৰৱাত পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰীৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত ন’হল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকাত ৷ স্বাধীনোত্তৰ কালৰ পৰা বটদ্ৰৱা বৰহিছা গাঁৱত বসবাস কৰি অহা ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ নাম NRC ৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ৷ NRC ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ দিয়াৰ পিছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে পৰিয়ালটোয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি অঞ্চলটোত পঞ্চায়ত কৰ্মচাৰীসহ 23 জন লোকৰ নাম বাদ পৰিছে ৷ ইয়াক লৈ সমগ্ৰ বটদ্ৰৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Intro:বটদ্ৰৱাত পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰীৰ পৰিয়ালৰ নাম অন্তভুর্ক্ত নহল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাত। বটদ্ৰৱা বৰহিছাৰ পঞ্চায়ত প্ৰতিনিধি সহ ২৩ জনকৈ লোক বাদ পৰিল চুড়ান্ত খচৰাত।Body:মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতকৰণৰ কৰি অসম আৰু অসমীয়া জাতিৰ ৰক্ষা কৱচ বুলি আখ্যা দিয়া এন আৰ চিৰ চুড়ান্ত খচৰাত আজি প্ৰকাশ হোৱাৰ পাছতেই নগাওঁ জিলাৰ বটদ্ৰৱাত খিলঞ্জীয়া অসমীয়া জাতিসত্বাৰ লগত বিলিন হৈ অসমীয়া ভাষা কৃষ্টিক আকোৱালি লৈ যুগ যুগান্তৰ ধৰি বটদ্ৰৱাত বসবাস কৰি থকা এটি পৰিয়ালৰ নাম প্ৰকাশিত নহল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চূড়ান্ত খচৰাত । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱাত । স্বাধীনোত্তৰ কালৰ পৰা বটদ্ৰৱা বৰহিছা গাঁৱত বসবাস কৰি অহা পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ দীপক কৰ, বিপুল কৰ, নিপুল কৰ, দীপাংকৰ কৰ, তনুশ্ৰী কৰ, পাৰ্থ কৰ আৰু মনিকা কৰৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তভুর্ক্ত নোহোৱাৰ বাবেই পৰিয়ালটো ভাগি পৰিছে মানসিক ভাৱে । ইফালে ইয়াৰে বিপুল কৰ বটদ্ৰৱা বৰহিছা গাঁৱৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ। উল্লেখ্য যে, ১৯৬৩ চনৰ জীৱন বীমাৰ নথি পত্ৰ, ১৯৬৪ চনতে ধিং ৰাজহ চক্ৰ বিষয়াই প্ৰদান কৰা মাটিৰ দলিল, ১৯৭/৬৮ চনৰ মাটিৰ জমাবন্দি মথি, ১৯৫৬ চনৰ ডাক বিভাগৰ বদলিকৰন পত্ৰ আদি কৰি বিভিন্ন প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়াৰ পাছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে পৰিয়টোয়ে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে বটদ্ৰৱা বৰহিছাৰ প্ৰয়াত যামিনী চৰকাৰৰ কন্যা দিপ্তী বিশ্বাসকে আদি কৰি সৰ্বমুঠ ২৩ জন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই চুড়ান্ত খচৰাত ।_____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.