নগাঁও,9 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে নকল সোণৰ অবৈধ বেহা । গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে নকল সোণৰ নাও সহ আটক কৰিছে দুজনকৈ সৰবৰাহকাৰীক ৷
আৰক্ষীয়ে অভিযান চলাই ফৌজদাৰীপট্টীৰ পৰা কৰায়ত্ব কৰা আনচাৰুল ইছলাম আৰু ছাদ্দাম হুছেইন নামৰ অসাধু যুৱক দুজনে নকল সোণৰ নাও খন বিক্ৰী কৰিবলৈ লখিমপুৰৰ পৰা আনিছিল বুলি সদৰী কৰে আৰক্ষীয়ে । জব্দ কৃত নকল সোণৰ নাওখনৰ ওজন প্ৰায় ৮০০ গ্ৰাম মান হ'ব । লগতে এই সৰবৰাহৰ বাবে যুৱক দুজনে ব্যৱহাৰ কৰা এখন মটৰ চাইকেল জব্দ কৰে নগাঁও আৰক্ষীয়ে ।
লগতে পঢ়কঃ লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ