নগাঁও, ১৬ ফেব্ৰুৱাৰীঃ বিজেপি দলৰ সৈতে আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰে সম্পৰ্ক থকাৰ তথ্য ফাদিল কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। ইতিমধ্যে হৈ যোৱা নগাওঁ জিলা পৰিষদ গঠনত বিজেপিক এ আই ইউ ডি ফ দলে সহযোগ কৰাৰ অভিযোগ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ। এ আই ইউ ডি এফ এটা ব্যৱসায়ী দল বুলি উল্লেখ কৰি বিধায়ক নুৰুল হুদাৰ মন্তব্য -"য'ত ব্যৱসায় আছে তাতে এ আই ইউ ডি এফ আছে। বিজেপি আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।"
বৃহস্পতিবাৰেই নগাঁও জিলা পৰিষদ গঠন হৈছে যদিও আজিও ৰাজনৈতিক মহলত চলি আছে ব্যাপক চৰ্চা। নগাওঁ জিলা পৰিষদৰ সভাপতিৰ পদ অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰা বাবেই বিজেপি দলৰেই মুনমুনী দাসে লাভ কৰে উক্ত পদ। কিন্তু উপসভাপতি পদৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন।
কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ দাবী কংগ্ৰেছে সদস্যৰ সংখ্যাতকৈ লাভ কৰিছে অতিৰিক্ত ভোট। লগতে এ আই ইউ ডি এফ আৰু বিজেপি দুয়োটা সাম্প্ৰদায়িক দল একেলগ হোৱা বুলিও মন্তব্য নুৰুল কৰে নুৰুল হুদাই।
ইপিনে নুৰুল হুদাৰ মন্তব্যৰ পিছতেই নগাওঁ আৱৰ্ত ভৱনত সংবাদ মেলৰ আয়োজন কৰি স্পষ্টীকৰণ দিলে এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে। নগাওঁ জিলা পৰিষদ গঠনত এ আই ইউ ডি এফ দলে অগপ দলক দুটা ভোট দিয়াৰ বিপৰীতে কংগ্ৰেছকো এটা ভোট দিয়া বুলি উল্লেখ কৰি কংগ্ৰেছেহে বিজেপি দলক ভোট দিয়া বুলি মন্তব্য কৰে এ আই ডি এফ দলৰ বিধায়কজনে।
ইপিনে বিধায়ক নুৰুল হুদাক উভতি ধৰিলে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই। ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাক মিছলীয়া আখ্যা দিয়ে অনিল শইকীয়াই। বিজেপি দলৰ সৈতে এ আই ইউ ডি এফৰ কোনো বুজাবুজি নাই বুলি উল্লেখ কৰি কয় যে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজতহে আছে বুজাবুজি।