ETV Bharat / state

Nagaon Zila Karmachari Parishad: কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

author img

By

Published : Feb 28, 2023, 11:32 AM IST

নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত কৰ্মচাৰী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে (Nagaon Zila Karmachari Parishad holds protest)। বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে । বিশেষকৈ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী পৰিষদৰ ৷

Nagaon zila karmachari parishad
নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

নগাঁও, 28 ফেব্ৰুৱাৰী : নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানক্ৰমে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত পুৰণি পেঞ্চন নীতি বাহাল ৰখা, খালি পদ পূৰণ কৰা আৰু প্ৰাপ্য বকেয়া ধন আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে বিয়লি কৰ্মচাৰী সকলে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Nagaon Zila Karmachari Parishad holds protest) ।

প্ৰতিবাদী কৰ্মচাৰী সকলে উল্লেখিত দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৰ্মচাৰী সকলে তেওঁলোকৰ ন্যায্য দাবী সমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় । অন্যথা কৰ্মচাৰী সকলে ইয়াতকৈয়ো অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা কেবাটাও দাবীৰ সমৰ্থনত উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি ২০০৫ চনৰ পৰা চৰকাৰী নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে লাভ নকৰিব পূৰ্বৰ দৰে পেঞ্চনৰ সুবিধা । ইয়াৰ বিপৰীতে নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীৰ দৰমহাৰ পৰাই এটা অংশ কাটি ব্যক্তিগত খণ্ডত জমা দি তাৰ পৰা পোৱা লাভ্যাংশৰেই কৰ্মচাৰীজনক অৱসৰৰ সময়ত আদায় দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰী পক্ষই । চৰকাৰৰ এই সিদ্ধান্তক আত্মঘাতীমূলক সিদ্ধান্ত বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে নগাঁও জিলা কৰ্মচাৰী পৰিষদে ।

লগতে কৰ্মচাৰীৰ দৰমহাৰ পৰা কাটি ৰখা অংশ ব্যক্তিগত খণ্ডত জমা ৰাখিলে ব্যক্তিগত খণ্ডৰ লাভ লোকচানৰ ওপৰত কৰ্মচাৰীৰ প্ৰাপ্য ধনৰ লাভ লোকচান নিৰ্ভৰ কৰাৰ কথাও উল্লেখ কৰে স্মাৰক পত্ৰত । আনকি এটা দীঘলীয়া সময় ব্যক্তিগত খণ্ডত ধনৰাশি জমা ৰখাৰ সময়ত সেই প্ৰতিষ্ঠানটো দেউলীয়া হৈ বন্ধ হোৱাৰ আশংকাও ব্যক্ত কৰিছে কৰ্মচাৰী পৰিষদে । যাৰ বাবে এই নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতিয়েই বাহাল ৰাখিবলৈ চৰকাৰক দাবী উত্থাপন কৰে কৰ্মচাৰী পৰিষদে ।

সোমবাৰে বিয়লি তিনি বজাৰ পৰা পাচ বজালৈ ৰূপায়ণ কৰা দুঘণ্টীয়া এই কাৰ্যসূচীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংগঠনিক সম্পাদক আজিজুৰ ৰহমান, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিণ্টু শৰ্মা, সাধাৰন সম্পাদক শ্যমন্ত দাস, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি যজ্ঞেশ্বৰ ৰাজখোৱাকে ধৰি দূই শতাধিক শিক্ষক কৰ্মচাৰীয়ে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.