নগাঁও,3 জুনঃ কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰৰ পৰা আহি ৰহাৰ গেষ্ট হাউচ কোৱাৰেণ্টাইন কেন্দ্ৰত পিতৃ মাতৃৰ সৈতে থকা এটি দুবছৰীয়া শিশু আক্ৰান্ত হৈছে কোভিড-19ত ৷ মঙলবাৰে নিশা এই কথা নিশ্চিত হোৱাৰ পিছত শিশুটিৰ পিতৃ মাতৃও কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি প্ৰমাণ হয় বুধবাৰে। আটাইকে ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
এই পৰ্যন্ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬০ জনকৈ কৰ'ণা আক্ৰান্ত ৰোগী ভৰ্তি কৰা হয়। ইয়াৰ ভিতৰত আছে হোজাই আৰু কাৰ্বি আংলং জিলাৰ কেইবাজনো কোভিড-১৯ আক্ৰান্ত ৰোগী। বুধবাৰৰ দিনটোত নগাঁৱত আক্ৰান্ত হৈছে চাৰিজনকৈ লোক। কৰ'ণাত আক্ৰান্ত আটাইকেইজনেই কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল। নগাঁও জনসংযোগ বিভাগে জনাইছে এই তথ্য।
লগতে জানিবলৈ চাওকঃ Covid 19: ধুবুৰীত এদিনত আক্ৰান্ত সৰ্বাধিক ৬৬ গৰাকী