নগাঁও, 10 নৱেম্বৰঃ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক ভিডিঅ’ ৷ আইনৰ ৰক্ষকে নিজেই আইন ভংগ কৰি বন্দী হ’ল কেমেৰাত ৷ মোবাইল কেমেৰাত বন্দী নগাঁৱৰ যান-বাহন আৰক্ষীৰ জোৱানে উৎকোচ লোৱাৰ দৃশ্য ৷ উৎকোচ লোৱাৰ এই দৃশ্য নিজৰ ম’বাইল কেমেৰাত বন্দী কৰিছিল ট্ৰাক চালকজনে ৷ অভিযুক্ত যানবাহন আৰক্ষীৰ জোৱান জনৰ নাম ইন্দ্ৰেশ্বৰ মহন্ত ৷
ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে এই সন্দৰ্ভত তদন্তৰ বাবে নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জন দাসক দায়িত্ব অৰ্পন কৰিছে ৷ তিনিদিনৰ ভিতৰত উপ আৰক্ষী অধীক্ষক জন দাসক এই সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী অধীক্ষকে ৷