ETV Bharat / state

Police personnel of Nagaon awarded: পুৰস্কৃত হ’ল নগাঁৱৰ বহুকেইগৰাকী আৰক্ষী বিষয়া - Police personnel of Nagaon awarded

আৰক্ষীৰ জোৱান আৰু বিষয়াসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । বিগত সময়ৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ কেইবাজনো আৰক্ষী বিষয়াক পুৰষ্কৃত কৰাৰ ব্যৱস্থা কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই (Police personnel of Nagaon awarded) ।

Nagaon Police
পুৰস্কৃত হ’ল নগাঁৱৰ বহুকেইগৰাকী আৰক্ষী বিষয়া
author img

By

Published : Jul 19, 2022, 8:43 PM IST

নগাঁও, 19 জুলাই: নগাঁও আৰক্ষীত কৰ্মৰত বিষয়া, জোৱানসকলক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই(Nagaon SP Leena Doley) গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । বিগত সময়ৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ কেইবাজনো আৰক্ষী বিষয়াক পুৰষ্কৃত কৰাৰ ব্যৱস্থা কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ।

মঙলবাৰে নগাঁও আৰক্ষী চাউনিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী আৰক্ষী বিষয়াক পুৰষ্কৃত কৰা হয় পাৰদৰ্শিতাৰ ভিত্তিত । বিশেষকৈ ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰায়, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী, নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তৃদীপ কুম্বাং, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসসহ কেইবাগৰাকী আৰক্ষী বিষয়াক পুৰস্কাৰ প্ৰদান কৰা হয় (Police personnel of Nagaon awarded)।

পুৰস্কৃত হ’ল নগাঁৱৰ বহুকেইগৰাকী আৰক্ষী বিষয়া

ইয়াৰে ৰূপহীহাট আৰক্ষী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰায়ে জিলাখনৰ সকলো ভেৰিফিকেশ্যনৰ কাম কম সময়তে সম্পাদন কৰাৰ বাবে নগাঁও আৰক্ষীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । একেদৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত চাপৰমুখ ৰেল ষ্টেচনৰ পৰা কোটি টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত কেইবালাখ নিচাজাতীয় টেবলেট আৰু চিৰাপ জব্দ কৰাৰ বাবে দুটাকৈ পুৰস্কাৰ প্ৰদান কৰা হয় আৰক্ষী বিষয়া মনোজ ৰাজবংশীক ।

একেদৰে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে সৰ্বাধিক অভিযান চলোৱা বাবে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীকো পুৰষ্কৃত কৰে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ আৰক্ষী বিষয়া, জোৱানক উৎসাহিত কৰাৰ উদ্দেশ্যে অধীক্ষক লীনা দলেই গ্ৰহণ কৰা পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰক্ষী বিষয়াসকলে । লগতে ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ বিৰুদ্ধে অধিক শক্তিশালী ৰূপত অভিযান চলোৱাৰ সংকল্পও গ্ৰহণ কৰে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: Cops Assault Auto Driver In Bokajan: অটোৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.