ETV Bharat / state

নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত ৰকিবুল হুছেইন - অৰুণোদয় আঁচনি

ভাষিক সংখ্যালঘুসকলকো প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে। বিজেপিৰ প্ৰৱঞ্চনা এতিয়া ৰাইজে বুজি পাইছে। নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘুৰ সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ চান্দা তোলা চৰকাৰে ক'ৰপৰা দিব অৰুণোদয় আঁচনিৰ ধন । প্ৰশ্ন ৰকিবুল হুছেইনৰ ।

nagaon  rockybul hussain congress meeting
নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন
author img

By

Published : Sep 9, 2020, 8:03 PM IST

নগাঁও,9ছেপ্তেম্বৰঃ বুধবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে । ভাষিক সংখ্যালঘুৰ কথা কোৱা ৰাজ্যৰ বিজেপি চৰকাৰত নাই ব্রক্ষ্মপুত্ৰ ভেলীৰ এগৰাকী মন্ত্ৰী। ভাষিক সংখ্যালঘুসকল এতিয়া হিল দল ভাঙি যোগদান কৰিছে কংগ্ৰেছত। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সকলো শ্ৰেণীৰ লোকক সমান গুৰুত্ব দিয়া বাবেই এতিয়া ভাষিক সংখ্যালঘু সকলে কংগ্ৰেছত যোগদান কৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।

নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

শাসকীয় বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ লোককে প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি ৰকিবুল হুছেইনৰ মন্তব্য ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ এতিয়া এতিয়া ছয় জনগোষ্ঠীক ভাগ ভাগ কৰিছে। বিজেপিয়ে দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবেই এতিয়া ৮৩০ টকীয়া অৰুণোদয় আঁচনি ঘোষণা কৰিছে বিজেপি চৰকাৰে । অৰুণোদয় আঁচনি কেৱল নিৰ্বাচনী টুপ বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। মহামাৰী ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজৰ পৰা চান্দা উঠোৱা চৰকাৰে অৰুণোদয় আঁচনিৰ ধন ক'ৰপৰা খৰছ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৰকিবুল হুছেইনে।

ইপিনে মঙলবাৰে ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত এজন বিজেপি নেতাই চৰকাৰী আঁচনি ৰূপায়ণৰ প্ৰসংগত কৰা উদ্ভট মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। বিজেপি দলৰ চামগুৰিৰ লোকেল নেতা প্ৰাণজিতৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হ’ব লাগে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। লগতে অসমত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আঞ্চলিক দল গঠনৰ কুচকাৱাজ সন্দৰ্ভতো মন্তব্য কৰে ৰকিবুল হুছেইনে। আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰায়দান কৰিব অসমৰ জনতাই বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়কঃ বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.