ETV Bharat / state

ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

author img

By

Published : Jul 29, 2021, 6:36 PM IST

ক'ভিড কেয়াৰ (covid care center) কেন্দ্ৰতেই নাই পৰিষ্কাৰ-পৰিচ্ছন্নতা । ক'ভিড আক্ৰান্তক নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ । খাদ্য যোগানৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপন ।

ক’ভিড কেয়াৰ কেন্দ্ৰনে গৰু গোহালি ধৰিবই নোৱাৰি !

নগাঁও, 29 জুলাই : ক'ভিড মহামাৰীৰ (COVID PANDAMIC) নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ সময়তে নগাঁৱৰ এটা ক'ভিড কেয়াৰ (covid care center) কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । নগাঁৱৰ পলিটেকনিকত থকা ক'ভিড (nagaon polytechnic) কেয়াৰ কেন্দ্ৰটোত আক্ৰান্তসকল বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হোৱাৰো অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে, সময়মতে খাদ্য সামগ্ৰীৰ যোগান নধৰা, পৰিষ্কাৰ নকৰাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ক'ভিড কেয়াৰ কেন্দ্ৰটোত থকা ক'ভিড আক্ৰান্তসকল । খাদ্যৰ নামত অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰো অভিযোগ কৰিছে ক'ভিড কেয়াৰ কেন্দ্ৰটোত থকা ৰোগীসকলে ৷

কেন্দ্ৰটোত থকা ক'ভিড আক্ৰান্তসকলে স্বাস্থ্যসন্মত কোনো খাদ্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে । মহামাৰী ক'ভিডত আক্ৰান্ত হোৱা লোকসকলক সুস্থ কৰাৰ উদ্দেশ্যে ভৰ্তি কৰা ক'ভিড কেয়াৰ কেন্দ্ৰটোতে পৰিষ্কাৰ-পৰিচন্নতাৰ অভাৱ দেখি হতভম্ব হৈ পৰে ক'ভিড আক্ৰান্তসকল । যি সময়ত ক'ভিড ১৯-এ সমগ্ৰ দেশতেই নহয়, বিশ্বজুৰি এক ত্ৰাসৰ সৃষ্টি কৰিছে, এনে সময়ত ক'ভিড কেয়াৰ কেন্দ্ৰৰ অপৰিষ্কাৰ পৰিৱেশক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত ৷

ক'ভিড কেয়াৰ কেন্দ্ৰটোত অতি নিম্নমানৰ খাদ্য যোগান ধৰি খাদ্য যোগানৰ দায়িত্বত থকাসকলে দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে ।

এইক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ক'ভিড কেয়াৰ কেন্দ্ৰটোত থকা ক'ভিড আক্ৰান্তসকলে । ক'ভিড কেয়াৰ কেন্দ্ৰটো পৰিষ্কাৰ কৰি ৰখাৰ লগতে ৰোগীসকলক স্বাস্থ্যসন্মত খাদ্য যোগানৰ দাবী জনাইছে ক'ভিড আক্ৰান্ত লোকসকলে । সম্প্ৰতি এইক্ষেত্ৰত নগাঁও জিলা প্ৰশাসন অথবা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.