নগাঁও, 28 অক্টোবৰ : নগাঁৱত পুনৰ গুলীচালনা ৷ পুনৰ নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ মাফিয়া ৷ শুক্ৰবাৰে পুৱতি নিশা নগাঁও আৰু বটদ্ৰৱা আৰক্ষীৰ এটা দলে হোজাই জিলাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামক ।
তাৰ পাচতে তদন্তৰ খাতিৰত চিৰাজুলক লগত লৈ আৰক্ষীৰ দলটোৱে অভিযান চলাই চিৰাজুলৰ কদমণিস্থিত বাসগৃহত । আৰক্ষীৰ এই অভিযানৰ সময়তেই আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামে । লগে লগে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া চিৰাজুলক লক্ষ্য কৰি গুলীচালনা কৰে ।
আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ড্ৰাগছ মাফিয়া চিৰাজুল । আহত চিৰাজুলক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ড্ৰাগছ মাফিয়া চিৰাজুলৰ অৱস্থা কিছু সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ ।
আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানেও চলাই আছে অভিযান ৷ জানিব পৰা মতে, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চিৰাজুল পূৰ্বে কেইবাবাৰো ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল । কিন্তু বিভিন্ন আওতাত আৰক্ষীৰ জালৰ পৰা সাৰি যাবলৈ সক্ষম হৈছিল চিৰাজুল ৷
উল্লেখ্য যে, ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নগাঁৱৰ পৰা বিভিন্ন সময়ত ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীও ৷ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষী দিনক দিনে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে । তাৰে এক উদাহৰণ শুক্ৰবাৰৰ পুৱতি নিশাৰ নগাঁৱৰ এই গুলীচালনাৰ ঘটনা ৷
লগতে পঢ়ক : হোজাইত গুৱাহাটীৰ পৰা অহা STF ৰ অভিযানত জব্দ হেৰ’ইন