ETV Bharat / state

বহুত হ'ল লাঠী,বন্দুক ! এইবাৰ নগাঁও আৰক্ষীয়ে ব্যৱহাৰ কৰিছে গদা!

author img

By

Published : Oct 15, 2019, 7:17 PM IST

Updated : Oct 16, 2019, 1:49 PM IST

হাতত গদা,ধনু কাঁড় লৈ নগাঁও আৰক্ষীৰ নতুন ৰূপত আত্মপ্ৰকাশ ৷

হাতত গদা লৈ নগাঁও আৰক্ষী

নগাঁও,15 অক্টোবৰঃ সোমবাৰে আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত নগাওঁ আৰক্ষীৰ একাংশ জোৱানে প্ৰদৰ্শন কৰিলে ভাওনা। শান্তি শৃংখলা নিয়ন্ত্ৰণৰ খাতিৰত চোৰ,ডকাইত আদি অসামাজিক চক্ৰৰ পিছে পিছে ঘূৰি ফুৰা আৰক্ষীৰ জোৱানে প্ৰদৰ্শন কৰিছে অসমীয়া সংস্কৃতিৰ গৌৰৱ ভাওনা । নগাওঁ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে উদ্বোধন কৰা ভাওনাখনত সুন্দৰ অভিনয়ৰে দৰ্শকক মোহিবলৈ সক্ষম হয় আৰক্ষীৰ একাংশ জোৱানে ৷

হাতত গদা,ধনু কাঁড় লৈ নগাঁও আৰক্ষী

Intro:বন্দুক নহয় আৰক্ষীৰ হাতত গদা, ধনু। কৰ্মব্যস্ততাৰ মাজত আৰক্ষীয়ে প্ৰদৰ্শন কৰিলে ভাওনা।

Body:বন্দুক নহয় এইবাৰ আৰক্ষী জোৱানৰ হাতত গদা, ধনু কাঁড়। এই দৃশ্য নগাওঁ আৰক্ষী চাউনিৰ। আৰক্ষী চাউনি প্ৰেক্ষাগৃহত নগাওঁ আৰক্ষীৰ একাংশ জোৱানে প্ৰদৰ্শন কৰিলে ভাওনা। শান্তি শৃংখলা নিয়ন্ত্ৰণৰ খাতিৰত চোৰ, ডকাইত আদি অসামাজিক চক্ৰৰ পিছে পিছে ঘূৰি ফুৰা আৰক্ষীৰ জোৱানে প্ৰদৰ্শন কৰিলে অসমীয়া ভাওনা। কোনোজন যদি হৈছে ৰজা আকৌ কোনোজন হৈছে মন্ত্ৰী। কোনোজন হৈছে ৰজাৰ দূত কোনোজন হৈছে সেনাপতি। নগাওঁ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে উদ্বোধন কৰা ভাওনাত সুন্দৰ অভিনয়ৰে দৰ্শকক মোহাবিষ্ট কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ একাংশ জোৱানে। সোমবাৰে নিশা এনেদৰে দেখা গ'ল আৰক্ষী জুৱানক। অত্যাধুনিক অস্ত্ৰৰ পৰিবৰ্তে গদা, ধনু কাঁড়, তৰোৱাল আদি প্ৰাচীন অস্ত্ৰ তুলি ললে আৰক্ষীয়ে। খোল তালৰ চেৱত নাচি প্ৰৱেশ কৰি যুদ্ধ কৰি এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে আৰক্ষী জোৱান সকলে।
bite,
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৫-১০-১৯

Conclusion:
Last Updated : Oct 16, 2019, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.