ETV Bharat / state

মোজাম্মিল হকৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

author img

By

Published : Jun 26, 2020, 4:43 PM IST

নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড । অপহৰণত জড়িত দুই যুৱকক আৰক্ষীয়ে আটক কৰি উদ্ধাৰ কৰে অপহৃতক ৷ অপহৰণকাৰীদ্বয়ে এগৰাকী যুৱকক অপহৰণ কৰাৰ পিছতে ধন দাবী কৰিছিল পৰিয়ালৰ লোকক ৷

Nagaon Police arrested two boy accused of demanding money after kidnaping nagaon assam etv bharat news
নগাঁৱত অপহৰণ কাণ্ড

নগাঁও,26 জুন: এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে নগাঁৱত ৷ এগৰাকী যুৱকক অপহৰণৰ পিছত ধন দাবী কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিছে দুই যুৱকক । বৃহস্পতিবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল সন্দৰ্ভত নগাঁওবাসী ব্যস্ত থকাৰ সময়তে আত্মীয়ৰ ঘৰলৈ অহা মৰিগাঁৱৰ মোজাম্মিল হক নামৰ যুৱকজনক অপহৰণ কৰে দুৰ্বৃত্তৰ এটা দলে ৷ যুৱকজনক অপহৰণৰ পিছত পৰিয়ালক এক লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে নগাঁও থানাত ৷

নগাঁৱত আৰক্ষীৰ জালত অপহৰণকাৰী

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়াৰ সৈতে যোগাযোগ কৰাত বিষয়াগৰাকীয়ে নগৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলৰ সৈতে কৌশলেৰে অভিযান চলাই চহৰখনৰ দাঁতি-কাষৰীয়া এক অঞ্চলৰ পৰা অপহৃত মোজাম্মিলক উদ্ধাৰ কৰাৰ লগতে এই কাণ্ডত জড়িত চাইফুল ভূঞা আৰু আমিৰ হুছেইনক আটক কৰে ৷ আটকাধীন দুই যুৱকে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ৷

অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ

লগতে চাওকঃ বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.