নগাঁও, 1 জুন : মহামাৰী কৰ'ণা ভাইৰাছে দেশত বিভীষিকা চলাই থকাৰ সময়তে সোমবাৰে নগাঁও আৰক্ষীয়ে পাচ দুধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি,নগাঁও পুৰণিগুদামৰ কাষৰিগাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই ডকাইত কেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত কেইজন ক্ৰমে, জিয়াবুৰ ৰহমাম, ৱাহিদুল ইছলাম, মাৰফৎ আলী, জামছেদ আলী আৰু মফিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷
নগাঁৱৰ এছ পি কল্যাণ কুমাৰ দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰদাও গয়াৰীয়ে কাষৰিগাঁৱত অভিযান চলাই ডকাইত কেইটাক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা এটা 7.65 পিষ্টল,এটা 22পিষ্টল আৰু এটা পুতলা পিষ্টলসহ আঠ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : টি-২০ ক্ৰিকেট বিশ্বকাপঃ ভাৰতীয় দলৰ অনুশীলন সন্দৰ্ভত মুখ খুলিলে জশপ্ৰীত বুমৰাহে