নগাঁও,29 অক্টোবৰ: নগাঁৱৰ তুলসীমুখ দেউৰিগাঁৱত সোমবাৰে নিশা সংঘটিত হোৱা সংঘাতক লৈ বৰ্তমানেও উত্তাল হৈ আছে নগাঁও । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক ব্লেকমেইলিং কৰাৰ অভিযোগত অভিযুক্ত দেউৰি গাঁৱৰ পিয়ুষ ভূঞাৰ পৰিয়াল আৰু গাঁও বাসীৰ মাজত নিশা সংঘটিত হোৱা আক্ৰমণ প্ৰত্যাক্ৰমনত আহত হৈছিল গাঁওখনৰ এঘাৰজনকৈ লোকৰ লগতে পিয়ুষ ভূঞাৰ পৰিয়ালৰো কেইবাজন লোক । ইতিমধ্যে আক্ৰমণত জড়িত থকাৰ অভিযোগত পিয়ুষ ভূঞাৰ ঘৰত বাহৰ পাতি থকা গুৱাহাটীৰ পাঁচ জনকৈ যুৱকক আটক কৰিছে নগাওঁ আৰক্ষীয়ে । গাঁওবাসীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ সঞ্জয় শৰ্মা, সুমনাথ সূত্ৰধৰ, ৰাকেশ ৰাজবংশীকে ধৰি মুঠ ৫ জনকৈ যুৱকক ।
মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত ঘটনাৰ মূল অভিযুক্ত পিয়ুষ ভূঞা, পিয়ুষ ভৃঞাৰ পিতৃ দীপ ভূঞা লগতে ঘটনাৰ আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত উপস্থিত হয় গাঁওখনৰ বহু পুৰুষ মহিলা । পিয়ুষ ভূঞাৰ ঘৰত অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ উত্থাপন কৰিছে একাংশ গাঁওবাসীয়ে । উল্লেখ্য যে, এটা প্ৰভাৱশালী ৰাজনৈতিক চক্ৰই পিয়ুষ ভূঞাৰ পৰিয়ালক সহযোগ কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।