ETV Bharat / state

ভোট গণনা প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ

ভোটগণনা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ
author img

By

Published : May 21, 2019, 8:59 PM IST

নগাঁও,21 মে’ : 10 নং নগাঁও আৰু 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ নগাঁও নিৰ্বাচনী জিলাৰ অধীনস্থ সমষ্টিকেইটাৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে । 23 মে’ পুৱা 8.30 বজাৰ পৰা ইভি এম ৰ ভোট গণনা আৰম্ভ হ’ব । মঙলবাৰে বিয়লি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰিলে নগাঁও জিলা উপায়ুক্ত তথা নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াই । নগাঁও সংসদীয় সমষ্টিত এইবাৰ ভি ভি পেট যুক্ত ই ভি এমৰ জৰিয়তে 14,90,212 টা ভোটদান হোৱাৰ লগতে এইপৰ্যন্ত 3,890 টা প’ষ্টেল বেলট পোৱা গৈছে । কলিয়াবৰ সংসদীয় সমষ্টিত মুঠ 14,21,500 টা ভোট হোৱাৰ লগতে 3,729 টা প’ষ্টেল ভোটদান হৈছে । পুৱতি নিশা পৰ্যন্ত ভোটগণনা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উপায়ুক্তই । নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হিচাপে জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু কলিয়াবৰ ৰিটাৰ্ণিং বিষয়া হিচাপে থাকিব নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা । সামগ্ৰিক ভোট গণনা প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে নগাঁও সংসদীয় সমষ্টিত গোপাল মিনা আৰু কলিয়াবৰ সমষ্টিৰ বাবে এন কে পয়াম পৰ্যবেক্ষক হিচাপে থাকিব । ভোটগণনা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । ভোট গণনা কেন্দ্ৰত নিষিদ্ধ কৰিছে মোবাইল ফোন । লগতে বাহন পাৰ্কিং আৰু চলাচলৰ বাবেও নতুন নিৰ্দেশনা জাৰি কৰা বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি কলিতাই ।

Intro:ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ।

Body:১০ নং নগাওঁ আৰু ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ নগাওঁ নিৰ্বাচনী জিলাৰ অধীনস্থ সমষ্টিকেইটাৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে নগাওঁ জিলা প্ৰশাসনে। ২৩ মে পুৱা ৮.৩০ বজাৰ পৰা ইভি এম ৰ ভোট গণনা আৰম্ভ হব। মঙলবাৰে বিয়লি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি সদৰি কৰিলে নগাওঁ জিলা উপায়ুক্ত তথা নগাওঁ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াই। নগাওঁ সংসদীয় সমষ্টিত এইবাৰ ভি ভি পেট যুক্ত ই ভি এমৰ জৰিয়তে ১৪,৯০,২১২ টা ভোটদান হোৱাৰ লগতে এইপৰ্যন্ত ৩,৮৯০ টা পষ্টেল বেলট পোৱা গৈছে। কলিয়াবৰ সংসদীয় সমষ্টিত মুঠ ১৪,২১,৫০০ টা ভোট হোৱাৰ লগতে ৩,৭২৯ টা পোষ্টেল ভোটদান হৈছে। পুৱতি নিশা পৰ্য্যন্ত ভোটগণনা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উপায়ুক্তই। নগাওঁ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হিচাপে জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু কলিয়াবৰ ৰিটাৰ্ণিং বিষয়া হিচাপে থাকিব নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা। সামগ্ৰিক ভোট গণনা প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে নগাওঁ সংসদীয় সমষ্টিত গোপাল মিনা আৰু কলিয়াবৰ সমষ্টিৰ বাবে এন কে পয়াম পৰ্যবেক্ষক হিচাপে থাকিব। ভোটগণনা প্ৰক্ৰিয়া সু কলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যবস্থা কৰিছে। ভোট গণনা কেন্দ্ৰত নিষিদ্ধ কৰিছে মোবাইল ফোন। লগতে বাহন পাৰ্কিং আৰু চলাচলৰ বাবেও নতুন নিৰ্দেশনা জাৰি কৰা বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি কলিতাই।
bite. dc, addl sp
---------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২১-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.