নগাঁও,17 মে’: নগাঁৱতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । সোমবাৰৰ দিনটোত সৰ্বাধিক 427 জন লোকৰ দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰিছে ।
কৰ'ণাৰ দ্বিতীয় লহৰত নগাঁও জিলাত মুঠ 5480 গৰাকী লোক আক্ৰান্ত হৈছে । বৰ্তমানেও কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 2390 জন । সোমবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে সৰ্বাধিক 5268 গৰাকী লোকক ৰেপিট এন্টিজেন টেষ্ট কৰা হৈছে যদিও আক্ৰান্তৰ সংখ্যা 427 গৰাকী চিহ্নিত হয় ।
সোমবাৰৰ দিনটোত আক্ৰান্ত সকলৰ 378 জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ উপৰিও 49 গৰাকী ব্যক্তিক ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছে । ইফালে সোমবাৰে ক’ভিড আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা লোকজন হৈছে কলিয়াবৰৰ সাগৰ বৰুৱা বুলি জানিব পৰা গৈছে ।
এই লৈ বৰ্তমান লৈকে নগাঁও জিলাত ক’ভিড 19ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 30 গৰাকীলৈ বৃদ্ধি হৈছে । আনহাতে, জিলাখনৰ 14 টা স্থানত জিলা প্ৰশাসনে কনটেনমেন্ট জুন হিচাপে ঘোষণা কৰি নিৰ্দিষ্ট এলেকাটোত সৰ্বসাধাৰণ ৰাইজৰ আহযাহ নিসিদ্ধ কৰিছে ।
লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত