ETV Bharat / state

নগাঁৱৰ স্বাস্থ্য বিভাগৰ বৰঘৰতে কৰ'ণাৰ ত্ৰাস - নগাঁৱৰ স্বাস্থ্য বিভাগ

ক’ভিড-19ত আক্ৰান্ত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ আন এজন কৰ্মচাৰী ৷ ইয়াৰ পূৰ্বেও কাৰ্যালয়টোত দুগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক’ৰণা ভাইৰাছ ৷

নগাওঁ স্বাস্থ্য বিভাগৰ বৰঘৰতে কৰ'ণা আতংক

author img

By

Published : Jul 22, 2020, 6:12 PM IST

নগাঁও, 22 জুলাইঃ ক’ভিড 19ত আক্ৰান্ত হৈছে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ আন এগৰাকী কৰ্মচাৰী ৷ কৰ্মচাৰীজন কাৰ্যালয়টোত গাড়ীচালক ৰূপে কৰ্তব্যৰত আছিল ৷ ইয়াৰ পূৰ্বেও নগাঁৱৰ স্বাস্থ্য বিভাগৰ দুজনকৈ কৰ্মচাৰী আক্ৰান্ত হৈছিল কৰ’ণা ভাইৰাছত ৷ তাৰ পাচতেই কাৰ্যালয়টো ছীল কৰি দিছিল জিলা প্ৰশাসনে ৷ আৰু তেতিয়াৰ পৰাই জিলা গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত চলি আছিল স্বাস্থ্য বিভাগৰ কাম কাজ ৷ এইবাৰ কাৰ্য্যালয়টোৰ তৃতীয়জন লোক আক্ৰান্ত হোৱাত আতংকিত হৈ পৰিছে কাৰ্যালয়টোৰ আন বিষয়া কৰ্মচাৰীসকলো ৷

উল্লেখ্য যে,অসমত বৰ্তমান কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই মঙলবাৰে নিশা 12 বজালৈ অতিক্ৰম কৰিছে 26,500ৰ সীমা ৷ আনহাতে মৃত্যু হৈছে 65 ৰো অধিক ৷ আনহাতে আক্ৰান্ত জিলাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ পাচতে আছে দ্বিতীয় স্থানত আছে নগাঁও জিলা ৷ নগাঁৱত আক্ৰান্তৰ সংখ্যা হৈছে 1059 গৰাকী ৷

লগতে পঢ়কঃ বৈদেশিৰ বিনিয়োগৰ বাবে ভাৰত সৰ্বাধিক অনুকূল : গাডকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.