ETV Bharat / state

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

author img

By

Published : Mar 11, 2022, 8:36 PM IST

Updated : Mar 11, 2022, 10:34 PM IST

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ পদত্যাগ (Nagaon congress president resign)। ইট ভি ভাৰতত নগাঁও কংগ্ৰেছৰ ব্যৰ্থতাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই পদত্যাগ জিলা কংগ্ৰেছৰ সভাপতিৰ ।

Nagaon congress president resign
নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

নগাঁও, 11 মাৰ্চ: পৌৰসভা নিৰ্বাচনত নগাঁও কংগ্ৰেছ নেতৃত্বৰ ব্যর্থতাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই পদত্যাগ কৰিলে জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাই (Nagaon congress president resign)। নগাঁৱত পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলটো ধূলিসাৎ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বাবে দায়িত্ব স্বীকাৰ কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই শুকুৰবাৰে পদত্যাগ কৰে ।

উল্লেখযোগ্য যে, সদ্যঘোষিত পৌৰসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেছা খাইছিল কংগ্ৰেছে । ২৬ টাকৈ ৱাৰ্ডেৰে গঠিত নগাঁও পৌৰসভাৰ মাত্ৰ এটা ৱাৰ্ড কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ২৫ টাকৈ ৱাৰ্ড দখল কৰিছিল বিজেপি অগপ মিত্ৰজোঁটে । কেৱল এয়াই নহয় নগাঁও পৌৰসভা এলেকাৰ ১২ ৱাৰ্ডত প্ৰথমবাৰৰ বাবে পৰাজয় বৰণ কৰিছে কংগ্ৰেছে ৷

স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছৰ দখলত থকা ১২ নম্বৰ ৱাৰ্ড প্ৰথমবাৰৰ বাবে দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে । আনকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৱাৰ্ডতে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাকে ধৰি নগাঁও জিলা কংগ্ৰেছৰ চূড়ান্ত ব্যৰ্থতা আৰু একাংশই জিলা কংগ্ৰেছৰ নেতৃত্বৰ পৰিবৰ্তন বিচৰাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হৈছিল শুক্ৰবাৰে বিয়লি । তাৰ পিছতেই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ ।

লগতে পঢ়ক: কংগ্ৰেছৰ দিন বেয়া; জনপ্ৰিয়তা হেৰুৱাইছে নেকি ৰকিবুল হুছেইনেও !

Last Updated : Mar 11, 2022, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.