ETV Bharat / state

নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন - জ্য দিৱসৰ পতাকা উত্তোলন

নগাঁৱত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো নুৰুল আমিন ষ্টেডিয়ামত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ যোৱা প্ৰাকমূহুৰ্তত, একাংশ প্ৰতিবাদকাৰীয়ে ক'লা পতাকা দেখুৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jan 26, 2020, 4:58 PM IST

নগাঁও, 26 জানুৱাৰীঃ নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ যোৱা প্ৰাকমূহুৰ্তত, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা দেখুৱালে, নগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য একাংশ সদস্যই ৷ সষ্টম আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে চল্লিছ জনৰো অধিক প্ৰতিবাদকাৰীক ৷ প্ৰতিবাদকাৰীৰ হুংকাৰ CAA বাতিল নোহোৱা পৰ্য্যন্ত অব্যাহত থাকিব প্ৰতিবাদ এনে প্ৰতিবাদ ৷

নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন

লগতে পঢ়ক ঃ গণৰাজ্য দিৱসৰ দিনটোতে "মানৱ শৃংখলা"ৰে প্ৰতিবাদ যোৰহাটত

Intro:ক'লা পতাকাৰ ভূতে খেদিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা। গণৰাজ্য দিৱসৰ আয়োজন কৰা নুৰুল আমিন ষ্টেডিয়ামত প্ৰৱেশ কৰা লোকৰ ক'লা গামোচা, ৰুমাল পৰ্য্যন্ত নিবলৈ দিয়া নাই ভিতৰলৈ। আছু, এজে ৱাই পিৰ সদস্যক সম্পূৰ্ণ নজৰত ৰাখিছে আৰক্ষীয়ে। তাৰ মাজতো গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা দেখুৱাইহে এৰিলে আছু, এ জে ৱাই চি পিৰ নেতা কৰ্মীয়ে।

Body:নগাঁৱৰ গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নিশাই নগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত বিত্ত স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পুৱাই উপস্থিত হব লাগে গণৰাজ্য দিৱসৰ আয়োজন কৰা নুৰুল আমিন ষ্টেডিয়ামত। আৰক্ষীয়ে গঢ়ি তুলিছে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা। তাৰ মাজতে হিমন্তক ক'লা পতাকা প্ৰদৰ্শনৰ বাবেও তৎপৰ সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য। প্ৰথমেই দুই সংগঠনৰ নেতা কৰ্মী উপস্থিত হয় নগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সমীপত। খবৰ পায়েই হায়ৰাণ নগাওঁ আৰক্ষী উপস্থিত হয় এই স্থানত । প্ৰত্যাহ্বানৰ সন্মুখীন আৰক্ষী। যিকোনো প্ৰকাৰে বাধা দিব লাগে প্ৰতিবাদকাৰীক। সুযোগ বুজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যাব লাগে নুৰুল আমিন ষ্টেডিয়ামত। ক'লা পতাকা প্ৰদৰ্শনৰ পৰা ৰক্ষা কৰিব লাগে হিমন্তক। যতেই যায় আছু, এজে ৱাই চি পিৰ সদস্য তাতেই উপস্থিত হয় আৰক্ষী। কেবাটাও পথ সলনি কৰি আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মাক উপস্থিত কৰালে নুৰুল আমিন ষ্টেডিয়ামত। কিন্তু সংগঠনৰ সদস্যয়ো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদৰ্শন কৰিহে এৰিলে ক'লা পতাকা। সষ্টম আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে চল্লিছ জনৰো অধিক প্ৰতিবাদকাৰীক। প্ৰতিবাদকাৰীৰ হুংকাৰ কা বাতিল নোহোৱা পৰ্য্যন্ত অব্যাহত থাকিব প্ৰতিবাদ।
bite-

Conclusion:ইপিনে নগাওঁ জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ আয়োজন কৰা নুৰুল আমিন ষ্টেডিয়ামত প্ৰৱেশ কৰে সাধাৰণ লোকৰ ক'লা ৰুমাল পৰ্য্যন্ত নিবলৈ দিয়া নাই ভিতৰত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ বাবেই এনে নিছিদ্ৰ নিৰাপত্তা ব্যবস্থা নগাওঁ আৰক্ষীৰ।
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৬-১-২০
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.