ETV Bharat / state

নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ - নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা

নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ একাংশ শিক্ষকে অধ্যক্ষা টুলুমণি দেৱীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ । কেইগৰাকীমান শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে অধ্যক্ষাগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। সেয়ে, শিক্ষকসকলে তেওঁৰ বিৰুদ্ধে কু-চক্ৰান্ত ৰচনা কৰিছে বুলি অভিযোগ তুলিলে অধ্যক্ষাই ।

নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

author img

By

Published : Jan 11, 2021, 6:41 PM IST

নগাঁও, ১১ জানুৱাৰী:নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা টুলুমণি দেৱীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ একাংশ শিক্ষকে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অধ্যক্ষা টুলুমণি দেৱীৰ মতে,নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ একাংশ শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বাবে তেওঁৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ।

নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

মহাবিদ্যালয়খনত নামভৰ্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱা সন্দৰ্ভতো নিজৰ স্থিতি স্পষ্ট কৰিলে অধ্যক্ষাগৰাকীয়ে । নামভৰ্তিৰ সকলো তথ্য ৱেবচাইটত আপলোড কৰাৰ কথা উল্লেখ কৰি নামভৰ্তিৰ সকলো তথ্য ৰাজহুৱা কৰাৰ পিছত অনিয়ম সংঘটিত হোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি মন্তব্য কৰে অধ্যক্ষাগৰাকীয়ে।

লগতে গড়কাপ্তানী বিভাগৰ অধীনত মহাবিদ্যালয়খনৰ এটি নৱনির্মিত ভৱনৰ ক্ষেত্ৰতো অধ্যক্ষাগৰাকীৰ নাম ষড়যন্ত্ৰমূলকভাৱে জড়িত কৰা বুলিও দাবী কৰিছে অধ্যক্ষা টুলুমণি দেৱীয়ে । অধ্যক্ষাগৰাকীৰ প্ৰচেষ্টাত ২০১৭ বৰ্ষৰ পৰাই নামভৰ্তিৰ বাবে ৫০ খন আসন বৃদ্ধি কৰা হৈছে বুলিও মন্তব্য কৰে । উৰ্ধ্বতন কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম অনুসৰি,মহাবিদ্যালয়খনত নামভৰ্তি চলি আছে বুলিও মন্তব্য কৰে নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা টুলুমণি দেৱীয়ে।

লগতে পঢ়ক:৬টাকৈ দাবীত গোলাঘাটত আশা কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.