ETV Bharat / state

কা' বাতিলৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ - নগাঁও জিলা ছাত্ৰ সন্থা

কা' আৰু ইআইএ বাতিলৰ দাবীত শনিবাৰে নগাঁও জিলাৰ ছাত্ৰ সন্থাই গ্ৰহণ কৰে এক বিক্ষোভ কাৰ্যসূচী ৷ নগাঁও জিলা ছাত্ৰ সন্থাৰ মূখ্য কাৰ্য্যালয়ৰ সন্মুখত গ্ৰহণ কৰা এই বিক্ষোভ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মী সকলে ।

nagaon ASSU protest againts CAA and EIA
কা' বাতিলৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ
author img

By

Published : Jan 23, 2021, 4:14 PM IST

নগাঁও, 23 জানুৱাৰী : ৰাজ্যত পুনৰ কা' বিৰোধী আন্দোলনে গা কৰি উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিন কেইটাত কা' আৰু ইআইএ বাতিলৰ দাবীত ভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

এই প্ৰতিবাদৰ ফলস্বৰূপে যোৰহাট, তেজপুৰ, লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত সংঘাট সৃষ্টি হোৱাৰো দেখা যায় ৷ প্ৰশাসনে প্ৰতিবাদ, সমদল আদিৰ ক্ষেত্ৰত ধাৰা 144 জাৰি কৰিছে যদিও কা' বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে ৷

কা' বাতিলৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ

শনিবাৰে নাগৰিকত্ব সংশোধনী আইন 2019 আৰু ইআইএ বাতিলৰ দাবীত নগাঁৱত বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থায় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ মূখ্য কাৰ্য্যালয়ৰ সন্মুখত গ্ৰহণ কৰা এই বিক্ষোভ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মী সকলে ।

নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা এই বিক্ষোভ কাৰ্য্যসূচীৰ জৰিয়তে কা' আৰু ইআইএ বাতিল নোহোৱা পৰ্য্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ নেতৃত্বই । লগতে নাগৰিকত্ব সংশোধনী আইনক লৈ ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্য্যায়ৰ সভাপতি, সম্পাদকৰ সৈতে মুকলি তৰ্ক কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷

লগতে পঢ়ক: ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.