নগাঁও, 16 মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰে তৃতীয়খন বাজেট (Assam Budget 2023) । বাজেটত অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি, ৰেচন কাৰ্ড থকা পৰিয়ালৰ পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ব্যৱস্থা, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানকে ধৰি বহু নতুন আঁচনি অন্তৰ্ভুক্তিৰে দাখিল কৰা বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে (Nagaon AJYCP reacts on Assam Budget 2023)।
বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেটক তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক : Assam Govt Budget 2023 : তিনিটা বিন্দুত কেন্দ্ৰীভূত এইবাৰৰ বাজেট, বিত্ত মন্ত্ৰী অজন্তা নেওগ
সংবাদ মাধ্যমৰ আগত প্ৰাগজ্যোতিষ বনিয়াই কয়, ‘‘বাজেটত উল্লেখ নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ কোনো প্ৰসংগ । বাজেটৰ নামত কেৱল হিতাধিকাৰী সৃষ্টি কৰি চমক দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । কেৱল হিতাধিকাৰী সৃষ্টি কৰি অসমৰ অৰ্থনীতি শোচনীয় কৰি তুলিছে চৰকাৰে’’ ৷
লগতে তেওঁ আৰু কয়, ‘‘কৃষি ব্যৱস্থা উন্নীত কৰাৰ প্ৰসংগও স্থান নাপালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ তৃতীয়খন বাজেটত । এক নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ আনকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰ্বৰ বাজেটখনো সম্পূৰ্ণ কাৰ্যকৰী কৰিব পৰা নাই’’ ৷
আনহাতে, ৰন্ধন গেছৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো চৰকাৰৰ বাজেটত স্থান লাভ নকৰাক লৈ সৰৱ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকল ৷ আনহাতে, ৰন্ধন গেছৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো চৰকাৰৰ বাজেটত স্থান লাভ নকৰাক লৈ সৰৱ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকল ৷
লগতে পঢ়ক : Assam Budget 2023 : লোক নিৰ্মাণ বিভাগৰ (পথ) বাবে বাজেটত প্ৰায় ১২ কোটি আবণ্টন