নগাঁও,19 চেপ্টেম্বৰ : বিধায়ক আমিনুল ইছলামে দুখীয়া সংখ্যালঘু ছাত্ৰক আৰ্থিক সাহায্যৰ বাবে বছৰি আবন্তন দিয়া ধন,চৰকাৰী নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰি স্বজন তোষণত লিপ্ত হৈছে ৷ এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ৷
নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ধিং গাঁৱৰ মিশ্বন মাৰ্কেটত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে ৷
ইপিনে অভিযোগ মতে,বিধায়ক ইছলামে নিজ সমষ্টিবাসী দুখীয়া ৰাইজক অন্ধকাৰত ৰাখি চিকিৎসাৰ বাবে আবন্তিত ধন নিজ ভাতৃক তথা চৰকাৰী চাকৰিয়াল পত্নীক দিয়াৰ উপৰিও নিজ ভতিজাক দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আবন্টিত ধন প্ৰদান কৰে । বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে সৰৱ হোৱা এই সংবাদমেলত উপস্থিত থাকে নগাঁও জিলা আমছুৰ সভাপতি আব্দুল ৰহিম,সম্পাদকদ্বয় আব্দুল নুৰ,আশ্ৰাফুল হুছেইনৰ লগতে শিক্ষা সম্পাদক মিজানুৰ ৰহমান ।
লগতে পঢ়ক : পুনৰ পাঠদানৰ বাবে সাজু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়