ETV Bharat / state

কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগত ধন আত্মসাতৰ অভিযোগ - MSDP

কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগত উন্নয়নৰ প্ৰকৃত স্বৰূপৰ নমুনা প্ৰদৰ্শন ৷ চাৰি বছৰে অৰ্ধনিৰ্মিত এমএছডিপি আঁচনিৰ অধীনৰ শৌচাগাৰ ৷ আনহাতে, বহু বছৰ ধৰি বিভাগটোত খালী হৈ আছে খণ্ড উন্নয়ন বিষয়াৰ পদ ৷

MsPD Scheme Uncompleted for Last 4 years kaliabar assam etv bharat news
কলিয়াবৰ গ্ৰামোন্নয়ন বিভাগ
author img

By

Published : Jan 7, 2021, 12:48 PM IST

কলিয়াবৰ,5 জানুৱাৰী: ৰাজ্যবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মুকলি কৰিছে কেইবাখনো ব্যয়বহুল আঁচনি ৷ এই আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ মোকোলাই দিছে বৃহৎ অংকৰ পুঁজি ৷ কিন্তু বিভাগসমূহত এতিয়া চলিছে ৰাজহুৱা ধন হৰলুকিৰ অঘোষিত প্ৰতিযোগিতা ৷ আঁচনি নহয় যেন সোণৰ কণী পৰা হাঁহ ৷ আঁচনি ৰূপায়ণ নহ’লেও ব্যয় হৈছে ধন ৷ ৰাজহুৱা ধন জেপত ভৰোৱাৰ অভিযোগ চৰকাৰী বিভাগৰ বিৰুদ্ধে ৷ কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ কলিয়াবৰৰ মিছাস্থিত পশ্চিম কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত, 2017-18 বৰ্ষত এমএছডিপি আঁচনিৰ 10 লাখ টকা ব্যয়েৰে অনাময় শৌচাগাৰৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল ৷ কিন্তু আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই শৌচাগাৰ ৷

কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগত ধন আত্মসাতৰ অভিযোগ

পূৰ্বে নিৰ্মিত তিনি কোঠালী যুক্ত শৌচাগাৰৰ অৱস্থাটোও এতিয়া তথৈবছ ৷ উক্ত আঁচনিৰ নামত আৱণ্টিত ধনৰাশিৰ 50 শতাংশ মোকোলাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ পৰিকল্পনা বিভাগৰ বিৰুদ্ধে ৷ বিভাগটোত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত দাবী কৰিছে সচেতন মহলে ৷

আনহাতে, বহু বছৰ ধৰি বিভাগটোত খালী হৈ আছে খণ্ড উন্নয়ন বিষয়াৰ পদ ৷ ফলস্বৰূপে বিভাগীয় কাম-কাজৰ গতি স্থৱিৰ হৈ পৰিছে ৷ স্থানীয় ৰাইজে এই পদত শীঘ্ৰে এগৰাকী বিষয়া নিযুক্তি দিবলৈও আহ্বান জনাইছে ৰাজ্য চৰকাৰক ৷

লগতে চাওকঃ জামিন নাপালে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.