নগাঁও,11 জানুৱাৰী : সফলভাৱে সামৰণি পৰিল নগাঁৱত অনুষ্ঠিত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতাৰ । অসম আৰক্ষী জোৱান নৱজিৎ দাস আৰু কামৰূপৰ ছবিতা বণিয়াই লাভ কৰে ক্ৰমে মিষ্টাৰ আৰু মিছ আছামৰ খিতাপ ।
নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত হোৱা 48 তম সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতাৰ দেওবাৰে মাজনিশা সামৰণি পৰে ৷ আইবিবিএফৰ অধীনত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে দুদিনীয়াকৈ অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনি ৷
মুঠ 7 টা পৰ্য়ায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত 300ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । বিভিন্ন পৰ্যায়ত খিতাপ অর্জন কৰা প্ৰতিযোগী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবেও মনোনীত হয় ।
লগতে পঢ়ক : আকাশলংঘী মূল্যবৃদ্ধি স্বত্বেও ভোগালীৰ বজাৰত গ্ৰাহকৰ ভিৰ