ETV Bharat / state

AICC new President : খাৰ্গে সভাপতি হোৱাত অসন্তুষ্ট নহয় প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Oct 21, 2022, 12:20 PM IST

Updated : Oct 21, 2022, 1:33 PM IST

নিজৰ সমৰ্থিত প্ৰাৰ্থী কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত নোহোৱাত অসন্তুষ্ট নহয় সাংসদ প্ৰদ্যুৎ বৰদলৈ । উল্লেখ্য, শশী থাৰুৰক সভাপতি পদৰ বাবে সমৰ্থন কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (AICC Presidential Poll) ।

Pradyut Bordoloi
Pradyut Bordoloi

নগাঁও, ২১ অক্টোবৰ : কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ (AICC Presidential Poll) পিছত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । মল্লিকাৰ্জুন খাৰ্গে সভাপতি নিৰ্বাচিত (AICC President Mallikarjun Kharge) হোৱাক লৈ অসন্তুষ্ট নহয় প্ৰদ্যুৎ বৰদলৈ । উল্লেখ্য, নিখিল ভাৰত কংগ্ৰেছৰ সভাপতিৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে সমৰ্থন কৰা নাছিল মল্লিকাৰ্জুন খাৰ্গেক (MP Pradyut Bordoloi reaction on AICC president) ।

AICC new President : খাৰ্গে সভাপতি হোৱাত অসন্তুষ্ট নহয় প্ৰদ্যুৎ বৰদলৈ

শশী থাৰুৰক (Sashi Tharoor) সভাপতি পদৰ বাবে সমৰ্থন কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন বিচাৰি পত্ৰ লিখিছিল প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনে কংগ্ৰেছক অধিক গতিশীল কৰিব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে । আনহাতে, খাৰ্গেৰ সৈতে তেওঁৰ কোনো মতানৈক্য নাই বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

উল্লেখ্য, বুধবাৰে ঘোষণা হয় সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি পদৰ নিৰ্বাচনৰ ফলাফল । ফলাফল অনুযায়ী মল্লিকাৰ্জুন খাৰ্গেয়ে মুঠ ৭৮৯৭ টা ভোট লাভ কৰি সভাপতি পদত বিজয়ী হয় । আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী শশী থাৰুৰে লাভ কৰে ১০৭২ টা ভোট । সুদীৰ্ঘ ২৪ বছৰৰ মূৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন ।

ইফালে ভোটগণনা প্ৰক্ৰিয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে উত্থাপিত হয় ভোটদানৰ নিয়ম উলংঘনৰ অভিযোগ ৷ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এই অভিযোগ কৰে তেওঁৰেই প্ৰতিদ্বন্দী তথা কংগ্ৰেছ নেতা শশী থাৰুৰ শিবিৰে (Shashi Tharoor allegation on cong counting) ৷

শশী থাৰুৰৰ নিৰ্বাচনী এজেণ্ট ছলমান ছোজেৱে মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে ভোটদানৰ নিয়ম উলংঘন কৰাৰ অভিযোগ কৰে । ছলমান ছোজেৱে কয়, "আমি কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষলৈ প্ৰেম পত্ৰ লিখা নাই ৷ আমি বিষয়টোৰ একেবাৰেই ভিতৰতো সোমাব নিবিচাৰোঁ, কিয়নো ই এটা আভ্যন্তৰীণ বিষয় আৰু সেয়া অনুচিত হ'ব ৷ কিন্তু আমি আমাৰ উদ্বেগ প্ৰকাশ কৰাৰ বাবে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ (চিইএ) সৈতে নিৰন্তৰ যোগাযোগ কৰি আছো ।"

সূত্ৰ অনুসৰি, শশী থাৰুৰে দুয়োজন প্ৰাৰ্থীকে সম সুবিধা নিদিয়াৰ অভিযোগ কৰে । কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ে বিষয়াসকলক যিকোনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ বাধা দিছিল । কিন্তু কিছুমান স্থানত, কাৰ্যালয়ৰ বিষয়াসকলে মুকলিকৈ খাৰ্গেক সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কৰিছিল যিটোক লৈ থাৰুৰে আপত্তি কৰিছিল ।

উল্লেখ্য যে কংগ্ৰেছ দলটোৱে বিগত প্ৰায় দুই দশকতকৈও অধিক সময় দলটোৰ নেতৃত্ব বহন কৰাৰ পাছত শীৰ্ষ পদত এজন অনা গান্ধী পৰিয়ালৰ লোকক প্ৰত্যক্ষ কৰিছে । 1998 চনৰ পৰা ছোনিয়া গান্ধী (Sonia Gandhi) কংগ্ৰেছৰ সভাপতি হৈ আছিল ৷

লগতে পঢ়ক :Tripura Education Minister : ত্ৰিপুৰাৰ ৩৬ খন বিদ্যালয়ত চাকমা ভাষাত শিক

Last Updated : Oct 21, 2022, 1:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.