ETV Bharat / state

হৃদয়হীন পুত্ৰৰ নিৰ্যাতনত অসহায় মাতৃ - অশ্লীল গালি গালাজ

পুত্ৰই নিজ মাতৃক প্ৰহাৰ কৰি উলিয়াই দিলে ঘৰৰ পৰা ৷ আৰক্ষী থানাত উচুপিছে অসহায় আশ্ৰয়হীন মাতৃয়ে ৷

অসহায় মাতৃ
author img

By

Published : Sep 25, 2019, 11:35 PM IST

Updated : Sep 26, 2019, 10:26 AM IST

নগাঁও,25 ছেপ্টেম্বৰঃ নগাঁৱৰ মৰিকলঙৰ ধেপাজানৰ পদ্মা দাস নামৰ এগৰাকী মাতৃয়ে নিজ পুত্ৰৰ নিৰ্যাতনৰ পৰা মুক্তি বিচাৰি এতিয়া কাষ চাপিছে আৰক্ষীৰ।

হৃদয়হীন পুত্ৰৰ নিৰ্যাতনত অসহায় মাতৃ

বুধবাৰে এইগৰাকী বৃদ্ধা মহিলাক নিজ পুত্ৰ ৰাজমণি দাসে প্ৰহাৰ কৰি উলিয়াই দিয়ে ঘৰৰ পৰা । নিজ পুত্ৰৰ প্ৰহাৰত শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয় মাতৃগৰাকী । মাতৃৰ বিৰুদ্ধে ঘৰৰ চোতালত বেজৰ ঔষধ পুতি থোৱাৰ সন্দেহত দীৰ্ঘদিনৰ পৰাই পুত্ৰই নিৰ্যাতন চলাই অহাৰ অভিযোগ তোলে মাতৃয়ে । মাতৃৰ অভিযোগ মতে, একমাত্ৰ পুত্ৰ ৰাজমনিয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰ পৰাই বিধৱা মাতৃক অশ্লীল গালি গালাজৰ লগতে চলাই আহিছে নানা নিৰ্যাতন । বহু দিনৰপৰাই পুত্ৰৰ অত্যাচাৰ নীৰৱে সহ্য কৰি অহা মাতৃয়ে আৰক্ষীৰ সন্মুখতে হুকহুকাই কান্দোনত ভাঙি পৰে । কেৱল এয়াই নহয় নিজ পুত্ৰৰ পৰা প্ৰাণনাশৰ ভাবুকি পোৱাৰো অভিযোগ দিছে মাতৃয়ে । এতিয়া প্ৰাণৰ মমতাত ঘৰলৈ উভতি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা মহিলাগৰাকী আশ্ৰয়হীন হৈ পৰিছে । প্ৰায় দহ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলাগৰাকীৰ স্বামীও আছিল এগৰাকী আৰক্ষীত জোৱান ৷ বিধৱা মাতৃগৰাকীয়ে সাৰথি আছিল একমাত্ৰ পুত্ৰ ৷ অন্ধবিশ্বাসেই হওক বা নিজৰ অসুস্থ মানসিকতাৰ বাবেই হওক, এতিয়া এনেদৰে নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হ'ব লগা হৈছে মাতৃগৰাকী ৷ উল্লেখযোগ্য যে, বৃদ্ধ পিতৃ মাতৃক সন্তানে নিৰ্যাতন কৰিব নোৱাৰাৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰাৰ সময়তো এই পৰ্যন্ত অব্যাহত আছে সন্তানৰ নিৰ্যাতন ৷ এতিয়া এনেবোৰ কাণ্ডৰ বিপৰীতে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ৷

Intro:কুলাংগাৰ পুত্ৰৰ হৃদয়হীন কাণ্ড। মাতৃক প্ৰহাৰ কৰি উলিয়াই দিলে ঘৰৰ পৰা। আৰক্ষী থানাত উচুপনি অসহায় মাতৃৰ। পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত মাতৃৰ এজাহাৰ। বাসগৃহত তাবিজ পুতি থোৱাৰ সন্দেহত মাতৃক নিৰ্যাতনৰ অভিযোগ । প্ৰাণৰ মমতাত ঘৰলৈ নোযোৱাৰ সিদ্ধান্ত অসাহয় মাতৃৰ।

Body:আৰক্ষী থানাত উচুপিছে এগৰাকী অসহায় মাতৃয়ে। নাম পদ্মা দাস। নগাঁৱৰ মৰিকলঙৰ ধেপাজানৰ এইগৰাকী পদ্মা দাস নিজ পুত্ৰৰ নিৰ্যাতনৰ পৰা মুক্তি বিচাৰি কাষ চাপিছে আৰক্ষীৰ। বুধবাৰে এইগৰাকী বৃদ্ধা মহিলাক নিজ পুত্ৰ ৰাজমণি দাসে প্ৰহাৰ কৰি উলিয়াই দিয়ে ঘৰৰ পৰা। নিজ পুত্ৰৰ প্ৰহাৰত শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়। মাতৃৰ বিৰুদ্ধে ঘৰৰ চোতালত বেজৰ ঔষধ পুতি থোৱাৰ সন্দেহত দীৰ্ঘদিনৰ পৰাই নিৰ্যাতন চলাই অহাৰ অভিযোগ খোদ মাতৃৰ। একমাত্ৰ পুত্ৰ ৰাজমনীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰ পৰাই বিধৱা মাতৃক অশ্লীল গালি গালাজৰ লগতে চলাই আহিছে নানা নিৰ্যাতন। বহু দিনৰপৰাই পুত্ৰৰ অত্যাচাৰ নীৰৱে সহ্য কৰি অহা মাতৃয়ে হুকহুকাই কান্দিছে আৰক্ষীৰ সন্মুখত। কেৱল এয়াই নহয় নিজ পুত্ৰৰ পৰা প্ৰাণনাশৰ ভাবুকি পোৱাৰো অভিযোগ কৰিছে মাতৃয়ে। এতিয়া প্ৰাণৰ মমতাত ঘৰলৈ উভতি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা মহিলাগৰাকী এটা দিনতে হৈ পৰিছে আশ্রয়হীন। প্ৰায় দহ বছৰ পূৰ্বে মৃত্যু হোৱা মহিলাগৰাকীৰ স্বামীও আছিল আৰক্ষীত কৰ্মৰত।
bite,

Conclusion:উল্লেখযোগ্য যে বৃদ্ধ পিতৃ মাতৃক সন্তানে নিৰ্যাতন কৰিব নোৱাৰাৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰাৰ সময়তো অব্যাহত আছে কুলাংগাৰ পুত্ৰৰ নিৰ্যাতন।
----------//--------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৫-৯-১৯
Last Updated : Sep 26, 2019, 10:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.