জুৰীয়া, 1 ফেব্ৰুৱাৰীঃ শনিবাৰে জুৰীয়াত সংঘটিত হয় এটা গণপ্ৰহাৰৰ ঘটনা ৷ এজন যুৱকক মাৰপিট কৰাৰ লগতে বাঁহৰ খুটাত বান্ধি শাস্তি প্ৰদান ৷ জুৰীয়াৰ পুঠিমাৰীত সংঘটিত হয় এই ঘটনা ৷
আতাউৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে অবৈধ সম্পৰ্কৰ অভিযোগ ৷ পুঠিমাৰীৰ জনৈক ইছলাম নামৰ লোকজনৰ বোৱাৰী এগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ যাৰ বাবে বোৱাৰীগৰাকীৰ পৰিয়ালে যুৱকজনক আটক কৰি লপা থপা দিয়াৰ লগতে বান্ধি থয় বাঁহৰ খুটাত ৷ পিচত সুঁতিৰপাৰ আৰক্ষীয়ে ঘটনাটোৰ খবৰ লাভ কৰি ঘটনাস্থলীৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আনহাতে টকা পইচাৰে লেনদেনৰ বাবে পূৰ্বৰে পৰা থকা আক্ৰোশৰ বাবেই যুৱকজনক এইদৰে শাস্তি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে আন একাংশই ৷