ETV Bharat / state

Misuse of government fund: চামগুৰিত উৱলি গৈছে ইন্দিৰা আৱাস যোজনাৰ শতাধিক বাসগৃহ - Negligence of government

মৰিশালিত পৰিণত হৈছে চামগুৰিত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ ৷ বানপিড়িত লোকসকলৰ আশ্ৰয়ৰ বাবে 2014 চনত কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা হৈছিল বাসগৃহসমূহ ৷ কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া উৱলি গৈছে সকলো ৷

Misuse of government fund
চামগুৰিত উৱলি গৈছে ইন্দিৰা আৱাস যোজনাৰ শতাধিক বাসগৃহ, কাণসাৰ নাই বিভাগৰ
author img

By

Published : Dec 22, 2022, 8:29 PM IST

চামগুৰিত উৱলি গৈছে ইন্দিৰা আৱাস যোজনাৰ শতাধিক বাসগৃহ

চামগুৰি, 22 ডিচেম্বৰ: নগাঁও জিলাৰ চামগুৰিৰ লাওঁখোৱাত চৰকাৰী ধনৰ চূড়ান্ত অপব্যয়(Misuse of government fund) ৷ ক্ৰমাৎ জহি-খহি গৈছে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ইন্দিৰা আৱাস যোজনাৰ(Indira Awas Yojana) অধীনত নিৰ্মাণ কৰা শতাধিক বাসগৃহ ৷

উল্লেখ্য যে, 2014 চনতেই সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ(Assam congress government) দিনত তদানীন্তত মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ(MLA Rakibul Hussain) নেতৃত্বত লাওঁখোৱাৰ সাপমাৰি অঞ্চলত বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসমূহৰ সুবিধাৰ্থে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল প্ৰায় শতাধিক বাসগৃহ ৷

কিন্তু সম্প্ৰতি উৱলি যোৱাৰ উপক্ৰম হৈছে এইসমূহ গৃহ ৷ গৃহসমূহৰ চাৰিও দিশ আৱৰি ধৰিছে হাবি-বননিয়ে ৷ ভাঙি পৰিছে দেৱাল, নাই টিনপাত ৷ কোনোপধ্যেই বানপিড়িত লোকে আশ্ৰয় ল’ব নোৱাৰে এই বাসগৃহ কেইটাত ৷ চৰকাৰ তথা বিভাগৰ অমনোযোগিতা(Negligence of government) আৰু গুৰুত্বহীনতাৰ বাবে গোহালিলৈ পৰ্যৱসিত হৈছে কোটি টকীয়া আঁচনিৰ ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ ৷

লগতে পঢ়ক: Protest at BRPL : বঙাইগাঁও শোধনাগাৰত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবীত প্ৰতিবাদ

কেৱল সিমানেই নহয়, এইসমূহ বাসগৃহত এতিয়া পৰিছে দুষ্ট লোকৰ শেনচকু ৷ সুযোগ বুলি একাংশ লোকে গৃহসমূহ ভাঙি তহিলং কৰাৰ লগতে লুটপাত চলাইছে বাসগৃহত ব্যৱহৃত টিন, ৰদ, ইটা আদি ৷ পৰিত্যক্ত হৈ পৰা এই বাসগৃহ সমূহৰ সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ সংবাদমাধ্যমৰ যোগিদে প্ৰশাসনলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷

কেৱল নগাঁৱতেই নহয়, ৰাজ্যৰ বিভিন্নস্থানত এনে বহু বিলাসী চৰকাৰী আঁচনি পৰ্যৱসিত হৈছে মৰিশালিলৈ ৷ প্ৰশাসনৰ চূড়ান্ত অমনোযোগিতাৰ বাবেই অপব্যয় হৈছে কোটি কোটি টকাৰ চৰকাৰী ধন ৷ তাৰ সমান্তৰালভাৱে একাংশই চলাইছে চৰকাৰী ধনৰ শৰাধ ৷

লগতে পঢ়ক: Opposition Leader Debabrata Saikia: অসমৰ পৰা জীৱ জন্তু চৰকাৰৰ পৃষ্ঠপোষকতাত বাহিৰলৈ সৰবৰাহ হয়: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.