কলিয়াবৰ,28 নৱেম্বৰ : নগাঁৱৰ কলিয়াবৰত শুকুৰবাৰে 48 টা ভূমিহীন পৰিয়াললৈ চৰকাৰী বাসগৃহ আৱণ্টন দিয়ে ৰাজ্য়িক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ পশ্চিম কলিয়াবৰ অন্তৰ্গত শাকমুঠি চাহ বাগিচাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ 48 টা পৰিয়ালে লাভ কৰা বাসগৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷
উল্লেখ্য যে,এই আৱসগৃহৰ হিতাধিকাৰীসকলে বাসগৃহৰ লগতে লাভ কৰিব শৌচালয়,বিশুদ্ধ খোৱা পানী আৰু বিদ্যুতৰ সংযোগ। ভূমিহীন পৰিয়ালসমূহক একঠাকৈ মাটি প্ৰদান কৰে অসম চৰকাৰে। আনহাতে আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি শাকমুঠি চাহ বাগিচাত প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়।
লগতে পঢ়ক : মৰিগাঁৱত পুষ্টিহীন শিশুসকলক সুষম আহাৰ যোগান