ETV Bharat / state

নগাঁৱৰ মিকিৰ-বামুণীৰ কৃষক বিক্ষোভ অব্যাহত

author img

By

Published : Feb 10, 2021, 7:43 PM IST

ভূমি অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টত অব্যাহত আছে খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ । গণৰাজ্য দিৱসৰ দিনাৰে পৰা আৰম্ভ কৰা এই কৃষক বিক্ষোভে বুধবাৰে ১৫ টা দিন সম্পূৰ্ণ কৰিলে ।

নগাঁৱৰ মিকিৰ-বামুনীৰ কৃষক বিক্ষোভ অব্যাহত

চামগুৰি, ১০ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টত অব্যাহত আছে কৃষক বিক্ষোভ । গণৰাজ্য দিৱসৰ দিনাৰে পৰা আৰম্ভ কৰা এই কৃষক বিক্ষোভে বুধবাৰে ১৫ টা দিন সম্পূৰ্ণ কৰিলে । কিন্তু আজি পৰ্যন্ত এইসকল দুৰ্ভগীয়া কৃষকৰ কাষত উপস্থিত নহ'ল চৰকাৰ-প্ৰশাসনৰ কোনো বিষয়ববীয়া । নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত প্ৰচণ্ড শীতকো নেওচি কোলাত কণ-কণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধলৈকে সকলোৱে এই প্ৰতিবাদ অব্যাহত ৰাখিছে । যাৰ ফলত অসুস্থ হৈ পৰিছে কেবাজনো প্ৰতিবাদকাৰী । ইতিমধ্যে অসুস্থসকলক নগাঁও কংগ্ৰেছীসকলে চিকিৎসাৰ ব্যৱস্থা চলাইছে ।

শেহতীয়াকৈ এইসকল কৃষকৰ কাষত বহু কেইটা দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় কংগ্ৰেছী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ বৰা উপস্থিত হৈ এজনো কৃষকৰ কৃষি ভূমি বহিৰাগত কোম্পানীক গতাই দিয়া নহ'ব বুলি হুংকাৰ দিয়ে । কৃষকসকলৰ লগত আলোচনা কৰি সমস্যাৰ সমাধান কৰিবলৈও আহ্বান জনায় কংগ্ৰেছ নেতাসকলে ।

উল্লেখ্য যে, মিকিৰ বামুণী গ্ৰাণ্টৰ তিনিশ বিঘা কৃষি ভূমিৰ পৰা খিলঞ্জীয়া কৃষকক উচ্ছেদ কৰি আজুৰ নামৰ এটা কোম্পানীক গতাই দিছে চৰকাৰে । উক্ত স্থানত ব্যক্তিগত কোম্পানীটোৱে ইতিমধ্যেই আৰম্ভ কৰিছে সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম ৷ প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ কৰাৰ লগতে কৃষকৰ ভূমি কৃষকক উভতাই দিয়াৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত কৃষকে প্ৰতিবাদ অব্যাহত ৰখাৰ পিছতো কোম্পানীটোৱে পূৰ্ণ গতিত চলাই আছে নিৰ্মাণ কাৰ্য । যাক লৈ এতিয়া অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় কৃষকসকল ৷

লগতে পঢ়ক:সদৌ তাই আহোম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰাৰ দাবীত সংবাদমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.