নগাঁও, 22 জুলাই: নগাঁৱৰ ৰাইদঙীয়াত দেওবাৰে বিয়লি জঘন্য ঘটনা সংঘটিত হয় ৷ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক কোনো দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰাৰ চেষ্টা কৰে ।
অভিযোগ অনুসৰি ৰাইদঙীয়াৰ আইভেটিৰ বিপুল বৰা নামৰ ছাত্ৰ গৰাকীক ঘৰত কোনো নথকাৰ সুযোগলৈ তিনি দুৰ্বৃত্তই হাত ভৰি বান্ধি হত্যাৰ চেষ্টা চলাই ৷ দুৰ্বৃত্ত কেইটাই ছাত্ৰ গৰাকীক প্ৰথমে কাঁচৰ টুকুৰাৰে আক্ৰমণ কৰাৰ উপৰিও কাঁচৰ সৰু সৰু টুকুৰা পানীৰ লগত মিহলাই বলপূৰ্বকভাৱে খুৱাই । তেনে সময়তে বিপুল বৰাৰ আত্মীয় এগৰাকী বিপুলৰ ঘৰত উপস্থিত হোৱাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ৷ ইয়াৰ পাচতে ততাতৈয়াকৈ পৰিয়ালৰ লোকে বিপুলক অচেতন অৱস্থাত উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়লৈ লৈ যায় যদিও ছাত্ৰ গৰাকীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটীলৈ নিয়া হয় ৷ আনহাতে পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিপুলৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷