নগাওঁ,7 মাৰ্চঃ চেষ্টাৰ অসাধ্য একো নাই । এই কথাষাৰ প্ৰতিপন্ন কৰিব বিচাৰিছে নগাঁৱৰ পুৰণিগুদামৰ নিজামুদ্দিন আনচাৰী নামৰ লোকজনে । বিশেষভাৱে সক্ষম নিজামুদ্দিন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ পুৰণিগুদামত । কাৰণ,৬০ঊৰ্ধ্বৰ এইগৰাকী ব্যক্তিয়ে ট্ৰাইচাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে ইছলাম ধৰ্মৰ পৱিত্ৰ স্থান মক্কা-মদিনা দৰ্শনৰ বাবে । নগাঁৱৰ পুৰণিগুদামৰ ঐতিহাসিক বৰ মছজিদৰ পৰা যাত্ৰা আৰম্ভ কৰিছে নিজামুদ্দিনে । ব্যক্তিগৰাকীৰ মতে,উৰাজাহাজত গৈ হজ যাত্ৰা কৰি একো লাভ নাই । আল্লাৰ দৰ্শন কৰিবলৈ অশেষ কষ্ট কৰি মক্কা-মদিনালৈ যাব বিচাৰে নিজামুদ্দিনে ।
আনহাতে,মক্কা-মদিনালৈ বহু দুৰ বুলি জানিও ট্ৰাইচাইকেলেৰে যাত্ৰা আৰম্ভ কৰা নিজামুদ্দিনৰ লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে পুৰণিগুদামৰ ৰাইজে ।