ETV Bharat / state

36 নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চাহ মজদুৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jan 6, 2021, 5:39 PM IST

36 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ ৷ হত্যাকাৰীক মৃত্যুদণ্ড দিয়াৰ সমৰ্থন প্ৰতিবাদ সাব্যস্ত ৷ বিভিন্ন শ্ল'গানৰে উত্তাল পৰিৱেশ ৷

Massive Protest In Nagaon 36 th National Highway by Assam Tea Union
36 নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চাহ মজদুৰ সন্থাৰ প্ৰতিবাদ

বঢ়মপুৰ, 6 জানুৱাৰী : বুধবাৰে কঠীয়াতলীৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সন্থাই । ৰামু নায়ক হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠীয়াতলী 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

উল্লেখ্য যে, 2 জানুৱাৰীত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিছিল ৰামু নায়কক । দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী বিচাৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখা সমিতিৰ উদ্যোগত অসম চাহ মজদুৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী সমদল বাহিৰ কৰি বহু সময় ধৰি পথ অৱৰোধ কৰে শতাধিক প্ৰতিবাদকাৰীয়ে ।

হত্যাকাৰীক ফাঁচী দিয়ক, আমাক ন্যায় লাগিব, হত্যাকাৰী হুচিয়াৰ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ 24 ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক : ৰুড়কেলাত বিষাক্ত গেছ নিৰ্গমন হৈ চাৰিগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.