ETV Bharat / state

কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ - KALIABOR CAB PROTEST

১৯৮৩ ৰ আন্দোলনৰ শ্বহীদ প্ৰদীপ লস্কৰৰ ভাতৃ বিশ্বজিৎ লস্কৰে কৰে মুণ্ডন,হীদ ভাতৃয়ে পুৱা শিলঘাটস্থিত মহাত্মা গান্ধীৰ অস্থিধামৰ সন্মুখত মুণ্ডন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে,অগপৰ এই কাৰ্য‍ক অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি বিশ্বজিত লস্কৰে ব‍্যক্ত কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ
author img

By

Published : Dec 17, 2019, 12:19 PM IST

Updated : Dec 17, 2019, 2:56 PM IST

কলিয়াবৰ,17 ডিচেম্বৰঃ কলিয়াবৰৰ শিলঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ঐক‍্য মঞ্চই ৷ সেইসূত্ৰে শ্বহীদ ভাতৃয়ে মঙলবাৰে মুণ্ডনেৰে কৰে প্ৰতিবাদ ৷ ১৯৮৩ৰ আন্দোলনৰ শ্বহীদ প্ৰদীপ লস্কৰৰ ভাতৃ বিশ্বজিৎ লস্কৰে কৰে মুণ্ডন ৷ লগতে মহেশ্বৰ নেওগ আৰু নৱ বৰা নামৰ দুজন যুৱকেও মুণ্ডন কৰি সাব্যস্ত কৰে চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

উল্লেখ্য যে,১৯৮৩ চনৰ ৪ মাৰ্চত কামপুৰৰ চেঙাজানত আৰক্ষীৰ গুলিত শ্বহীদ হৈছিল প্ৰদীপ লস্কৰ। সেইগৰাকী শ্বহীদ ভাতৃয়ে পুৱা শিলঘাটস্থিত মহাত্মা গান্ধীৰ অস্থিধামৰ সন্মুখত মুণ্ডন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে। আইনখনৰ জৰিয়তে মৃত শ্বহীদ ভাতৃক পুনৰবাৰ চৰকাৰে হত্যা কৰা বুলি ভাতৃ বিশ্বজিতে অভিযোগ উত্থাপন কৰে ৷

কলিয়াবৰত মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত শ্বহীদ ভাতৃৰ

আইনখন সম্পৰ্কত চৰকাৰ আৰু আঞ্চলিক দল অসম গণ পৰিষদৰ ভূমিকা জাতিদ্ৰোহী বুলি ক্ষোভ প্ৰকাশ কৰে বিশ্বজিৎ লস্কৰে ৷ লগতে অগপৰ এই কাৰ্য‍ক অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি বিশ্বজিত লস্কৰে ব‍্যক্ত কৰে ৷

লগতে চাওকঃহিমাচল প্ৰদেশত পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ

Intro:Body:

কলিয়াবৰত "কা" বিৰোধীতাত শ্বহীদ ভাতৃৰ মুণ্ডন

১৯৮৩ৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদ প্ৰদীপ লস্কৰৰ ভাতৃ বিশ্বজিৎ লস্কৰৰ মুণ্ডন

মহেশ্ভৰ নেওগ আৰু নৱ বৰাইও মুণ্ডন কৰি "কা"ৰ বিৰুদ্ধে চৰম প্ৰতিবাদ

শিলঘাট 'কা' বিৰুধী ঐক‍্য মঞ্চৰ প্ৰতিবাদ

১৯৮৩ চনৰ ৪ মাৰ্চত কামপুৰৰ চেঙাজানত আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল প্ৰদীপ লস্কৰ। সেইগৰাকী শ্বহীদ ভাতৃয়ে আজি পুৱা শিলঘাট স্থিত মহাত্মা গান্ধীৰ অস্থিধামৰ সমুখত মুণ্ডন কৰি নাগৰিকত্ব (সংশোধিত) আইন "কা"ৰ বিৰুদ্ধে চৰম প্ৰতিবাদ প্ৰতিবাদ সাব‍্যস্ত কৰে। "কা"ৰ জৰিয়তে "৮৩ৰ শ্বহীদ ভাতৃক ২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে দ্বিতীয়বাৰ হত‍্যা কৰাৰ অভিযোগত ভাতৃ বিশ্বজিতে শিলঘাটৎ দুই সংগী মহেশ্বৰ নেওগ আৰু নৱ বৰা সৈতে মুণ্ডন কৰি বৰ্তমান চৰকাৰ আৰু ৮৫৫ জন শ্বহীদৰ তেজেৰে গঠন হোৱা অসম গণ পৰিষদ দলৰ জাতিদ্ৰোহী কাৰ্য‍্যত প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি মুণ্ডন কৰে। অগপ দলৰ এই কাৰ্য‍্যক অসম আন্দোলনৰ শ্বহীদৰ আত্মাই কেতিয়াও ক্ষমা নকৰে বুলি বিশ্বজিত লস্কৰে ব‍্যক্ত কৰে।

Conclusion:
Last Updated : Dec 17, 2019, 2:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.