ETV Bharat / state

৭ দিনৰ বাবে বন্ধ থাকিব নগাঁৱৰ কেইবাখনো বজাৰ - dakshinpaat market will remain closed

ক'ভিড-১৯(COVID-19) ৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যৰে নগাঁৱৰ কেইবাখনো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই । পৰৱৰ্তী ৭ দিন পৰ্যন্ত বন্ধ থাকিব নগাঁৱৰ কেইবাখনো বজাৰ । নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি প্ৰশাসনৰ ৷

Market will remain closed at Nagaon
ক'ভিড সংক্ৰমণ ৰোধৰ উদ্দেশ্যে নগাঁৱৰ কেইবাখনো বজাৰ বন্ধ ঘোষণা
author img

By

Published : Jul 21, 2021, 5:51 PM IST

নগাঁও, ২১ জুলাই : ৰাজ্যত নিৰ্ধাৰিত সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ পাছতো ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ আশানুৰূপভাৱে হ্ৰাস পোৱা নাই । বিভিন্ন জিলাত পূৰ্বতকৈ বৃদ্ধি হৈছে দৈনিক সংক্ৰমণৰ ঘটনা । সেয়ে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন । নগাঁও জিলাতো মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ।

নগাঁৱৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই জিলাখনৰ কেইবাখনো বজাৰ পৰৱৰ্তী ৭ দিনৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ অনুসৰি জিলাখনৰ বৰকোলা বজাৰ আৰু দক্ষিণপাট চাৰিআলিৰ বজাৰ দুখন বুধবাৰৰ পৰা পৰৱৰ্তী ৭ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে । লগতে জাজৰী বজাৰ ২২ জুলাইৰ পৰা ৭ দিন পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে । এই নিৰ্দেশ অমান্য কৰি কোনো লোকে যদি পুনৰ বজাৰ আৰম্ভ কৰে তেন্তে সেই লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

অৱশ্যে এই বজাৰসমূহত থকা গেলামালৰ দোকান, ঔষধৰ দোকানসমূহ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । জিলাখনৰ বজাৰবোৰত মানুহৰ সমাগম অধিক হোৱাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা কৰিছে প্ৰশাসনে । সেয়েহে কোনো কোনো অঞ্চলৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।

নগাঁও জিলাত এতিয়াও সংক্ৰমণৰ হাৰ চিন্তামুক্ত হ'ব পৰাকৈ হ্ৰাস পোৱা নাই । প্ৰশাসনৰ মতে, সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিব পৰা পৰিস্থিতিও সৃষ্টি হোৱা নাই । সেয়ে সাৱধনতা অৱলম্বন কৰি মহামাৰীৰ সংক্ৰমণ ৰোধৰ চেষ্টা কৰিছে প্ৰশাসনে । বৰ্তমান ৰাজ্যৰ সকলো জিলাতে নিৰ্ধাৰিত সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে ৷

ইয়াৰ বাবে ব্যৱসায় তথা আন উপায়েৰে জাীৱিকা নিৰ্বাহ কৰা সাধাৰণ লোকৰ আৰ্থিক দিশত ব্যাপক প্ৰভাৱ পৰিছে । কিন্তু একাংশ লোকৰ অসাৱধনতাৰ বাবে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ী, শাক-পাচলিৰ বিক্ৰেতাই হাৰাশাস্তি ভুগিবলগীয়া হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেই পুনৰ ক'ভিড বিধি উলংঘা কৰি সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে একাংশই । সেয়ে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক: বন্যহস্তীৰ বিচৰণ সন্দৰ্ভত বন বিভাগৰ দায়সৰা মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.