ETV Bharat / state

জাতীয়তাবাদৰ ভেটিত লালিত-পালিত মণি বলিষ্ঠ কণ্ঠ হ’বনে ? - MANI MADHAB MAHANTA

জাতীয় সুৰক্ষাৰ স্বাৰ্থত আপোচবিহীন স্থিতিত অটল থকাৰ কথা উল্লেখ কৰা নেতাজনে অনাগত দিনত কিদৰে জাতীয় বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰে সেয়াহে বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷ জাতীয়তাবাদৰ ভেটিত লালিত-পালিত মণি মাধৱ মহন্তই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা জাতি আৰু মাটিৰ হকে চলাই থকা আপোচবিহীন যুঁজখন সংসদত অসমবাসীয়ে দেখিবলৈ পাবনে ?

জাতীয়তাবাদৰ ভেটিত লালিত-পালিত মণি বলিষ্ঠ কণ্ঠ হ’বনে ?
author img

By

Published : Mar 24, 2019, 11:15 PM IST

Updated : Mar 24, 2019, 11:39 PM IST

নগাঁও, 24 মাৰ্চঃ লোকসভা নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ মাজত বাঢ়িছে ব্যাপক তৎপৰতা ৷ দেওবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে আশীষ ল’লে বটদ্ৰৱা থানত ৷ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ৷ মহোৎসৱ উপলক্ষে দেওবাৰে বটদ্ৰৱাত উপস্থিত হয়গৈ প্ৰাৰ্থীগৰাকী ৷ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা অগপ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিব মণি মাধৱ মহন্তই ৷

জাতীয়তাবাদৰ ভেটিত লালিত-পালিত মণি বলিষ্ঠ কণ্ঠ হ’বনে ?

উল্লেখ্য যে, আসন্ন লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ লগত মিত্ৰতা কৰিলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই নিজৰ স্থিতিত অটল থকাৰ কথা উল্লেখ কৰে মণিমাধৱ মহন্তই ৷ আই ইউ ডি এফৰে লগত কংগ্ৰেছৰ ইতিমধ্যে মিত্ৰতা সম্পন্ন হোৱাৰ বাবে বদৰুদ্দিন আজমলে কলিয়াবৰত প্ৰাৰ্থী দিয়া নাই বুলি কয় মহন্তই ৷ নিজকে একুৰিয়ামৰ মাছ নহয় বুলি কৈ খাল, বিল ,নদীৰ মাছ মণিমাধৱ মহন্তই মা, মাতৃভাষা , আৰু মাতৃভূমিৰ ক্ষেত্ৰত আপোচবিহীন স্থিতিত অটল থাকিব বুলি কয় ৷ মূলতঃ কলিয়াবৰৰ ৰাইজৰ সমস্যা আৰু সীমান্ত সুৰক্ষাৰ সমস্যা,কাজিৰঙাৰ সুৰক্ষা , বৰ লুইতৰ গৰাখহনীয়া সমস্যা , উদ্যোগীকৰণৰ সমস্যা , দুখীয়া কৃষকৰ সমস্যা সমূহক সংসদৰ মজিয়াত তুলি ধৰিবৰ বাবে সংসদীয় ৰাজনীতিলৈ অহা বুলি উল্লেখ কৰে সদ্য আছু ত্যাগী নেতাজনে ৷ জাতীয় সুৰক্ষাৰ স্বাৰ্থত আপোচবিহীন স্থিতিত অটল থকাৰ কথা উল্লেখ কৰা নেতাজনে অনাগতদিনত কিদৰে জাতীয় বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰে সেয়াহে বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷ জাতীয়তাবাদৰ ভেটিত লালিত-পালিত মণি মাধৱ মহন্তই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা জাতি আৰু মাটিৰ হকে চলাই থকা আপোচবিহীন যুঁজখন সংসদত অসমবাসীয়ে দেখিবলৈ পাবনে ? সংকটাপন্ন ক্ষণত জাতিৰ হকে থিয় দি জাতীয়তাবাদৰ মজিয়াৰ পৰা দিল্লীলৈ মন মেলা নেতাগৰাকীৰ স্থিতি কি হ’ব সেয়াও সময়েহে ক’ব ৷

Intro:বটদ্ৰৱা থানত আশীষ ল'লে কলিয়াবৰৰ অগপ প্ৰাৰ্থী মনিমাধৱ মহন্তই । অগপই বিজেপিৰ লগত মিত্রতা কৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বিৰোধীতা কৰি যাব । এ আই ইউ ডি এফৰে লগত কংগ্ৰেছৰ মিত্ৰতা হৈ গৈছে । একুৰিয়েমৰ মাছ নহয় খাল বিলৰ মাছ মনিমাধৱ মহন্ত । এই মন্তব্য মনিমাধৱ মহন্ত ।Body:গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। দেওবাৰে দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয়গৈ অগপ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত । আসন্ন লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা অগপ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিব মনিমাধব মহন্তই । মনোনয়ন দাখিলৰ পূৰ্বে দেওবাৰে বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ চৰণত আশীষ গ্ৰহণ কৰে অগপ পাৰ্থী মনিমাধৱ মহন্তই ।দৌল মহোৎসৱৰ পৱিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যত সুখ-সম্প্ৰীতি, প্ৰেম- ভাতৃত্ববোধ অটুট থকাৰ কামনা কৰে মহন্তই । ইপিনে,আসন্ন লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ লগত মিত্রতা কৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বিৰোধীতা কৰি যাব বোলি কয় অগপ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই । লগতে মহন্তই কয় এ আই ইউ ডি এফৰে লগত কংগ্ৰেছৰ ইতিমধ্যে মিত্ৰতা হৈ গৈছে কাৰনে বদৰুদিৰ আজমলে কলিয়াবৰত দিয়া নাই প্ৰাৰ্থী । একুৰিয়েমৰ মাছ নহয় খাল, বিল , নদীৰ মাছ মনিমাধব মহন্ত মা , মাতৃভাষা আৰু মাতৃভূমিক ভালপোৱা উপজা মাটিৰ পৰশত উৎযিবিত মানুহ মই এই মন্তব্য মনিমাধৱ মহন্তৰ । সংসদত মই ৰায়বেৰিলীৰ কথা ক'বলৈ যাব বিচৰা নাই । মই সংসদলৈ যাব বিচাৰিছো কলিয়াবৰৰ ৰাইজৰ দুখ বেদনাক হৃদয়ঙ্গম কৰিবলৈ । সীমান্ত সুৰক্ষাৰ সমস্যা,কাজিৰঙাৰ সুৰক্ষা , বৰ লুইতৰ গড়া খহনীয়া সমস্যা , উদ্যোগীকৰণৰ সমস্যা , দুখীয়া কৃষকৰ সমস্যা আৰু নিবনুৱা সমস্যাৰ সমাধানৰ নিশ্চয়তাক সজোৰে প্ৰতিপন্ন কৰিবৰ বাবেহে মই সংসদলৈ যাব বিচাৰো । জাতীয় জীৱনৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্নত মই আপোচহীন স্থিতিত বলিষ্ঠ কন্ঠ হ'ম বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে । ইয়াৰ পূৰ্বে থান প্ৰাংগণত উপস্থিত হোৱাৰ সময়তে মনিমাধৱ মহন্তক বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই, চেলেং, গামোচাৰে আদৰণি জনায়।উল্লেখ্য যে, পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাত অনুষ্ঠিত হৈ আছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।মহোৎসৱত ভাগ ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা আগমন ঘটিছে কেইবা লক্ষাধিক ভক্ত- বৈষ্ণৱৰ।
________________________________
বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম
২৪-৩-১৯Conclusion:
Last Updated : Mar 24, 2019, 11:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.