নগাঁও,৫ মাৰ্চ:বিগত 20 দিনে ৰহাত সন্ধান নাই এজন লোকৰ । ৰহা আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰিৰ বাসিন্দা ৰূপলাল গাঁওখোৱা নামৰ লোকজন যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা নিজ ঘৰৰ পৰা সন্ধানহীন হৈ আছে ।
তথ্য অনুসৰি ১৪ ফেব্ৰুৱাৰীৰ দিনা দুপৰীয়া আহাৰ গ্ৰহণ কৰা পিছৰে পৰাই সন্ধানহীন লোকজন । অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা ৰূপলালে হাজিৰা কৰি দুই সন্তানক অতি কষ্টৰে বৰ্তমান ৰহা মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীত পঢ়াই আছে ।
পত্নী আৰু দুটাকৈ সন্তানৰ পিতৃ ৪৩ বছৰীয়া ৰূপলালৰ আকস্মিক নিৰুদ্দেশে চিন্তিত কৰিছে পৰিয়ালক । ঘটনাৰ সন্দৰ্ভত ৰহা আৰক্ষীকো অৱগত কৰিছে যদিও আজিও কোনো সন্ধান নাই ৰূপলাল গাঁওখোৱাৰ ।