ETV Bharat / state

Making bricks from plastic: প্লাষ্টিকৰ পৰা ইটা নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যাপক

author img

By

Published : Jul 26, 2022, 12:29 PM IST

কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ এক অভিনৱ উদ্ভাৱন ৷ পেলনীয়া প্লাষ্টিক সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়ালে ইটা (Making bricks from plastic) ৷ কিন্তু কেনেকৈ ! পঢ়ক সবিশেষ...

invention-of-plastic-brick-at-kaliabor-collage
প্লাষ্টিকৰ পৰা ইটা নিৰ্মাণ কৰি চৰ্চাত এগৰাকী অধ্যাপক

কলিয়াবৰ, 26 জুলাই: সমস্যাৰ মাজতে সম্ভাৱনাও লুকাই থাকে । মাত্ৰ সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ লাগে সাধনা আৰু সু-পৰিকল্পনা । তেনে এক সমস্যাক সম্ভাৱনালৈ পৰিৱৰ্তন কৰাত সফল হৈছে কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক । অধ্যাপকগৰাকীৰ অভিনৱ উদ্ভাৱনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পেলনীয়া প্লাষ্টিক সামগ্ৰীৰ পৰা ইটা নিৰ্মাণৰ এই ব্যতিক্ৰমী চিন্তাৰ ফচলে সমাজ ব্যৱস্থাত এক ইতিবাচক আৰু যোগাত্মক প্ৰভাব পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে(Making bricks from plastic) ৷

উল্লেখ্য যে, বৰ্তমান বিশ্বত প্ৰদূষণ সৃষ্টি কৰা কাৰকসমূহৰ ভিতৰত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক অন্যতম (Disposable plastics are one of most polluting factors in world) । কি মাটি, কি পানী, কি সাগৰ-মহাসাগৰ, য'তেই বিচৰা যায় তাতেই ইয়াক দেখা পোৱা যায় । পৃথিৱীৰ চুকে-কোণে পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনাসমূহ দ’ম খাই এক দৃষ্টিকটু পৰিৱেশৰো সৃষ্টি কৰিছে । এতিয়া খোৱাপানীৰ সকলো উৎসতে নেন’ প্লাষ্টিকৰ অস্তিত্ব ধৰা পৰিছে (Nano plastics exist in all sources of drinking water) ।

এই সমস্যা সমাধানৰ একমাত্ৰ উপায় হ’ল প্লাষ্টিক উৎপাদন বন্ধ কৰা, যিটো বৰ্তমান পৰিস্থিতিত প্ৰায় অসম্ভৱ অথবা পেলনীয়া প্লাষ্টিক এনে কোনো সামগ্ৰীত আৱদ্ধ কৰা যাৰ ফলত প্ৰদূষণৰ সম্ভাৱনীয়তা নোহোৱা কৰে (Stop production of plastics) ।

কলিয়াবৰ মহাবিদ্যালয়ৰ ‘আত্মাৰাম শৰ্মা ৰিচাৰ্ছ ইন’ভেছন এণ্ড ইনকিউবেছন চেন্টাৰে’ এই সমস্যা সমাধানৰ উদ্দেশ্যে বাউণ্ডেৰী ৱাল বা শৌচালয় নিৰ্মাণত ব্যৱহাৰ কৰিব পৰাকৈ এবাৰ ব্যৱহাৰ্য প্লাষ্টিকক ইটালৈ ৰূপান্তৰিত কৰাৰ এক অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিছে (Atmaram Sharma Research Innovation and Incubation Centre) । এই প্ৰযুক্তিৰ উদ্ভাৱকজন হ’ল কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা (Assistant Professor of Botany Department Chiranjeev Bezbarua) । এই ইটাবিধ নিৰ্মাণ কৰোঁতে কয়লাৰ গুৰি ব্যৱহাৰ কৰিছে অধ্যাপকগৰাকীয়ে ।

Invention of Plastic Brick at Kaliabor Collage

এইবিধ ইটা তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ.এ.চি. ব্লকৰ সমপৰ্যায়ৰ ক্ষমতাসম্পন্ন বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হৈছে (Capacity equivalent to clay bricks or AAC blocks)। বৰ্তমান এই প্ৰযুক্তি পেটেন্ট পোৱাৰ প্ৰক্ৰিয়াত আছে (Technology in process of being patent) । এই ক্ষেত্ৰত যদি চৰকাৰ আগবাঢ়ি আহে, তেন্তে উক্ত প্ৰকল্পটোত আৱশ্যকীয় সাল-সলনি ঘটাই উপযুক্ত যন্ত্ৰপাতিৰ ব্যৱহাৰৰে এনে ইটা ব্যৱসায়ীক ভিত্তিত আৰু আৰ্থিকভাৱে লাভজনক হোৱাকৈ উৎপাদন কৰিব পৰা যাব বুলি উদ্ভাৱকজনে আশা প্ৰকাশ কৰে ।

ইতিমধ্যে, উদ্ভাৱকজনে আন দুটা পেটেন্টৰ শ্ৰেয় লাভ কৰাৰ চূড়ান্ত পৰ্যায়ত আছে । প্ৰথমটো, শ্ৰেণীকোঠাৰ ব্লেক ব'ৰ্ডত লিখিবলৈ চক পেঞ্চিলৰ ব্যৱহাৰৰ সময়ত সহায় কৰাৰ লগতে লিখাৰ পিছত ব্লেকবৰ্ডখন মোহাৰিব পৰা ব্যৱস্থা আছে । দ্বিতীয়টো, ভূ-গৰ্ভস্থ পানীত থকা মানৱ শৰীৰৰ কাৰণে বিপজ্জনক ৰূপে চিহ্নিত হোৱা আৰ্চেনিক নিষ্কাষণ কৰিবলৈ এক টেবলেট (A tablet to extract arsenic) ।

যিটো উদ্ভাৱনত সহযোগীৰূপে আছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন দত্ত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰাগ নাথ । সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ এনেধৰণৰ উদ্ভাৱনী চিন্তা-চৰ্চাত সততে সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে উৎসাহ যোগায় আহিছে কলিয়াবৰ মহাবিদ্যালয় অধ্যাপক ড৹ হিৰণ্য কুমাৰ চলিহা তথা মহাবিদ্যালয়ৰ সহকৰ্মী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক : Man-Elephant conflict: হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে "হাতীবন্ধু"ৰ অভিনৱ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.