ETV Bharat / state

বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণসকলৰ প্ৰাসংগিকতা নাই : শিক্ষামন্ত্ৰী - covid 19

বেলুগুৰিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শনিবাৰে 2 কোটি টকা ব্যয় সাপেক্ষে WPT ৰ অধীনত এটি জনজাতীয় প্ৰেক্ষাগৃহৰ আধাৰশিলাৰ উদ্বোধন কৰে ৷ এই অনুষ্ঠানত 1 ছেপ্তেম্বৰৰ পৰা সম্পূৰ্ণৰূপে আনলক প্ৰক্ৰিয়াৰ পাছত বিদ্যালয় খোলাৰ ক্ষেত্ৰত প্ৰথমাৱস্থাত কেৱল মাত্ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয়-মহাবিদ্যালয়সমূহ খোলা হ'ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৷

madrasa-tet-clears-are-not-relevant-at-present-education-minister-etv-bharat-etv-bharat-assam
বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ প্ৰাসংগিকতা নাই:শিক্ষামন্ত্ৰী
author img

By

Published : Aug 22, 2021, 2:17 PM IST

ৰূপহীহাট, 22 আগষ্ট : ৰূপহীহাটৰ বেলুগুৰিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শনিবাৰে 2 কোটি টকা ব্যয় সাপেক্ষে WPT ৰ অধীনত এটি জনজাতীয় প্ৰেক্ষাগৃহৰ আধাৰশিলাৰ উদ্বোধন কৰে ৷ উক্ত অনুষ্ঠানত ৰূপহীহাটৰ বড়ো লোকসকলে শিক্ষামন্ত্ৰীক জনজাতীয় পৰম্পৰাৰে ব্যাপক আদৰণি জনায় ৷

উল্লেখ্য যে, বেলগুৰিত উপস্থিত হৈ ঘৰুৱা পৰিৱেশৰ দৰে অনুভৱ কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৷ 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণৰূপে আনলক প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়ৰ খোলাৰ ক্ষেত্ৰত প্ৰথমাৱস্থাত কেৱল মাত্ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিদ্যালয়-মহাবিদ্যালয় সমূহ খোলা হ'ব, বাকী সকল ছাত্ৰ -ছাত্ৰীৰ বাবে পৰ্য্যায় ক্ৰমে খোলা হ'ব বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়ে ৷

বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ প্ৰাসংগিকতা নাই:শিক্ষামন্ত্ৰী

মাদ্ৰাছা টেট উত্তীৰ্ণৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, যিহেতু মাদ্ৰাছা টেট সমূহ থাকোতে অনুষ্ঠিত কৰা হৈছিল কিন্তু বৰ্তমান মাদ্ৰাছাসমূহ বিদ্যালয়লৈ পৰিৱৰ্তিত কৰা হ'ল গতিকে বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণ সকলৰ প্ৰাসংগিকতা নাই ৷

অহা অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা । উচ্চ শিক্ষাৰ বাবে 25 শতাংশ আসন বৃদ্ধি কৰা হ’ব । আসনৰ নাটনি নোহোৱাৰ বাবে অপ্ৰাদেশীকৃত বিদ্যালয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যদি একাদশ শ্ৰেণী আৰম্ভ কৰিব বিচাৰে তেন্তে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিব । গ্ৰামাঞ্চলত ছেবা আৰু শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 75 শতাংশ আসন সংৰক্ষিত হ’ব । এক সংবাদমেলত ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে ৷

আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব ৷ চৰ্ত ভিত্তিত উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব । উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঁচ কিলোমিটাৰ ভিতৰত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ লোৱা হ'ব ।

বিদ্যালয় খোলাকলৈ চিন্তা চৰ্চা চলি আছে বুলিও উল্লেখ কৰে ডাঃ ৰণোজ পেগুৱে । ছেপ্টেম্বৰৰ পৰা শ্ৰেণী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । প্ৰথমে দশম, দ্বাদশ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণী আৰম্ভ হ’ব ।

লগতে পঢ়ক:অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.