ETV Bharat / state

গুৰুজনাৰ আশীষ বিচাৰি বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ

author img

By

Published : Jan 7, 2021, 2:26 PM IST

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ৷ বৃহস্পতিবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ

নগাঁও, 7 জানুৱাৰী: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইচামান দিন বাকী ৷ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ৷ বৃহস্পতিবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ

গুৰুজনাৰ আশীষ গ্ৰহণ কৰি দলটোৰ সভাপতি গৰাকীয়ে কয়, মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু আদৰ্শক সৰোগত কৰি তেওঁলোকে অনাগত দিনত আগবাঢ়ি যাব লাগিব ৷ বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত চৰকাৰে ধন আৱণ্টন দিয়ে যদিও এটা চক্ৰই দুৰ্নীতি সংঘটিত কৰি অহাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে তেওঁ ৷

গুৰুজনাৰ আশীষ বিচাৰি বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ

আনহাতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, অসমত দুটা সভ্যতাৰ যুঁজ হ'ব ৷ তাৰে এটাই বিদেশীক ৰক্ষণাবেক্ষণ দি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাইছে ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত অসম জাতীয় পৰিষদ কেতিয়াও চামিল নহয় বুলিও স্থিতি স্পষ্ট কৰে সভাপতিগৰাকীয়ে ৷ লগতে অখিল গগৈৰ মুক্তিৰ প্ৰসংগত তেওঁ কয়, বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কৃষক নেতা গৰাকীক কৰায়ত্ব কৰি ৰাখিছে ৷ অতি শীঘ্ৰে বিনা চৰ্তে কৃষক নেতা গৰাকীক মুক্তি দিবলৈ সংবাদ মাধ্যমযোগে দাবী জনালে লুৰীণজ্যোতি গগৈয়ে ৷

গুৰুজনাৰ আশীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে

লগতে পঢ়ক: বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.