ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ বাওঁদলৰ

author img

By

Published : Mar 16, 2022, 4:55 PM IST

নগাঁৱত বাওঁদলৰ উত্তাল প্ৰতিবাদ (Left parties protest in Nagaon)। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ বাওঁদলৰ । ভূমিহীন খিলঞ্জীয়াক ভূমি দিয়াৰ বিপৰীতে পুঁজিপতিক মাটি দিয়াৰ অভিযোগ । অসমৰ দুয়োখন কাগজ কল পুনৰজ্জীৱিত কৰাৰ দাবী (Demand for reopening of paper mil)।

left-parties-protest-in-nagaon
left-parties-protest-in-nagaon

নগাঁও, 16 মাৰ্চ : ‘‘মাটি নাথাকিলে জাতি নাথাকে । অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে অসমত ।’’ এই অভিযোগ বাওঁদল সমূহৰ । গুৱাহাটী মহানগৰীৰ মূল্যৱান ভূমি পুঁজিপতি কোম্পানীক দিয়াৰ বিৰোধিতা কৰি বুধবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি এম, চি পি আই এল, নিখিল ভাৰত কৃষক সভাকে ধৰি বাওঁদলসমূহে (Left parties protest in Nagaon)। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বাওঁ দলসমূহৰ নেতৃবৃন্দ (Left parties against government)।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ বাওঁদলৰ

অসমতে বহু খিলঞ্জীয়া এতিয়াও ভূমিহীন হৈ আছে বুলি উল্লেখ কৰি ভূমিহীন খিলঞ্জীয়াক মাটি দিয়াৰ বিপৰীতে পুঁজিপতি কোম্পানীক চৰকাৰে মূল্যৱান মাটি দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই । লগতে কেইবাবছৰ ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰজীৱিত কৰাৰো দাবী উত্থাপন কৰে বাওঁ দলসমূহে ।

একত্ৰিতভাৱে ভৱিষ্যতেও চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই । গুৱাহাটী মহানগৰীৰ ভূমি পুঁজিপতি কোম্পানীক দিয়াৰ বিপৰীতে ভূমিহীন খিলঞ্জীয়াক প্ৰদান কৰাৰ লগতে বন্ধ হৈ থকা কাগজ কল পুনৰজ্জীৱিত কৰাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বাওঁ দলসমূহে ।

লগতে পঢ়ক : ওদালগুৰিত এনকাউণ্টাৰত নিহত শিশু ধৰ্ষণ-হত্যাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.