ETV Bharat / state

কলঙৰ বুকুৱেদি পুনৰ প্ৰৱাহিত হ'ব বুঢ়া লুইতৰ পানী - কলঙক পুনৰ উজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহন

শীঘ্ৰেই প্ৰদূষণমুক্ত হৈ প্ৰাণচঞ্চলা গতিৰে প্ৰৱাহিত হ'ব কলঙ ৷ পুনৰ কলঙৰ বুকুৱেদি প্ৰৱাহিত হ'ব বৰ লুইতৰ পানী ৷ 2021 ত মুক্ত হ'ব বন্দী কলঙ ৷ কাৰ্যকৰী হোৱাৰ দিশে কলঙক পুনৰ বিজ্ঞানসন্মত তথা প্ৰাকৃতিকভাৱে বোৱাই নিয়াৰ সপোন ৷

কলঙৰ বুকুৱেদি পুনৰ প্ৰৱাহিত হ'ব বুঢ়া লুইতৰ পানী

author img

By

Published : Oct 29, 2020, 5:11 PM IST

নগাঁও, 29 অক্টোবৰ: 2021ত মুক্ত হ'ব বন্দী কলঙ ৷ সম্পূৰ্ণ হোৱাৰ দিশে কলঙক নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন ৷ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত কলঙক পুনৰ উজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ ৷ ইয়াৰে অংশ হিচাপে বৃহস্পতিবাৰে কলঙক উজ্জীৱিতকৰণৰ মাঙ্গলিক কাৰ্য সম্পন্ন কৰা হয় ৷ শুকুৰবাৰে ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই বোৱতি কলঙৰ আধাৰশিলা স্থাপন কৰিব ৷ এই পদক্ষেপৰ জৰিয়তে 1964 চনতে হাতীমূৰাত অপৰিকল্পিত ভাৱে বান্ধ দিয়াৰ ফলত গতিৰুদ্ধ হৈ পৰা কলঙৰ বুকুৱেদি পুনৰ বোৱাই নিয়া হ'ব লুইতৰ জলধাৰা ৷

পুনৰ কলঙৰ বুকুৱেদি প্ৰৱাহিত হ'ব বৰ লুইতৰ পানী

কলঙক পুনৰ বিজ্ঞানসন্মত তথা প্ৰাকৃতিকভাৱে বোৱাই নিয়াৰ বাবে লোৱা পদক্ষেপ কাৰ্যকৰী হোৱাৰ দিশে আগবঢ়াৰ ফলত স্বাভাৱিকতেই সুখী হৈ পৰিছে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে কয় যে এই পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ জল সম্পদ মন্ত্ৰী গৰাকীয়ে অহা বৰ্ষত কলঙ বোৱতি হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি পালনৰ দিশত এখোজ আগুৱাই গৈছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ অংশ হিচাপে বৃহস্পতিবাৰে হাতীমূৰাৰৰ সমীপৰ আৰিকাটিমুখত বুঢ়ালুইত আৰু কলঙক লৈ পূজা-অৰ্চনা অনুষ্ঠিত হয়।

লগতে পঢ়ক: JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.